নিউজ ডেস্কঃ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবে প্ৰায়ে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা যায়। শেহতীয়াকৈ সোমবাৰে দিনৰ ভাগত বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত নৰনাৰায়ণ সেতুৰ সমীপত সংঘটিত এক ভয়ানক দুৰ্ঘটনাত মৃত্যু ঘটে এজন লোকৰ।
জানিব পৰা মতে, নৰনাৰায়ন সেতুৰ সমীপত নতুনকৈ নিৰ্মাণ হৈ থৰা ফ’ৰলেনযুক্ত পথত সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনা অনুসৰি, এএছ ২৫বিচি ২১১১ নম্বৰৰ এখন দ্ৰুতবেগী বেগে ১৭ নং পুৰণি ৰাষ্ট্ৰীয় ঘাই পথলৈ গৈ থকা অৱস্থাত এজন লোকক মহতিয়াই লৈ যায়। যাৰ ফলত পথচাৰী জনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
ইফালে এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।