
নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শােণিতপুৰ জিলাৰ বিভিন্ন অঞ্চলতাে অব্যাহত আছে একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্য।
মৃত্যুদূত স্বৰূপ হৈ পৰা এনে ডাম্পাৰসমূহৰ বাবেই নিতৌ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত বৰঘাট চেণ্টাৰৰ জাৰণীৰ সমীপত এখন দ্রুতবেগী ডাম্পাৰে মহটিয়াই নিয়াত মৃত্যু ঘটে এজন পঞ্চায়ত সভাপতিৰ।
নিহত লােকজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাছাৰ বৰ্তমান চামধৰা গাঁও পঞ্চায়তৰ সভাপতি চাইদুল বাছাৰ।

জানিব পৰা মতে, পুৱা প্ৰায় ১০.৩০ বজাত তেওঁ চামধৰা গাঁও পঞ্চায়তলৈ এএছ ১২ ভি ৪৭১২ নম্বৰৰ স্কুটীখনৰে আহি থকা অৱস্থাত এএছ ০৯ এচি ৮৫২৪ নম্বৰৰ দ্ৰুতবেগী ডাম্পাৰখনে পিছফালৰ পৰা তেওঁক মহটিয়াই নিয়ে।
ডাম্পাৰৰ চকা বাছাৰৰ মূৰৰ ওপৰৰে পাৰ হৈ যোৱাত তেওঁৰ ঠিতাতে মৃত্যু ঘটে।
ইপিনে দুর্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰৰ চালকে পলায়ন কৰে।
এই ঘটনাৰ পাছতে স্থানীয় লােকে প্ৰতিবাদ সাব্যস্ত কৰে।