ডকাইতি-আৰক্ষীৰ মাজত ভয়ংকৰ সংঘৰ্ষ! ডকাইতৰ গুলীত আহত অসম আৰক্ষীৰ কমাণ্ডো…

দক্ষিণ কামৰূপৰ বকোত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

ডকাইত ধৰিবলৈ গৈ গুলীবিদ্ধ হ’ল আৰক্ষী।

পিষ্টল দেখুৱাই ডকাইতে দোকানৰ পৰা লুট কৰে নগদ ধন।

ডকাইতি কাণ্ড সংঘটিত কৰি শূন্যলৈ তিনিজাঁই গুলীচালনাও কৰে ডকাইতৰ দলে।

AS-15M-4932 নম্বৰৰ পালছাৰ বাইকত আহিছিল ডকাইতকেইটা। দলটোত ৩টা ডকাইত থকাৰ সন্দেহ ৰাইজৰ।

ডকাইতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুজন লোকক। 

ডকাইতৰ আক্ৰমণত আঘাতপ্রাপ্ত হয় ৰবি দেবকোটা, গণেশ থাপা নামৰ দুজন ব্যৱসায়ী। সামান্য পৰিমাণে আঘাতপ্রাপ্ত দোকানখনৰ কৰ্মচাৰী সুৰজ নেৱাৰো। 

মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় গণেশ থাপা।

ইফালে ডকাইতৰ গুলীত আহত হয় অসম আৰক্ষীৰ এজন কমাণ্ডো।

আহত জোৱানজন আশ্ৰাফুল আলম। ধুবুৰীৰ বিলাসীপাৰাত ঘৰ আহত আশ্ৰাফুলৰ।

সোঁভৰিত গুলীবিদ্ধ পুলিচ ৰেঞ্জাৰ কমাণ্ডো আশ্ৰাফুল আলম।

ঘটনাত আঘাতপ্ৰাপ্ত গণেশ থাপা আৰু আহত আৰক্ষী জোৱানজনক GMCHত ভৰ্তি কৰোৱা হয়।

ইপিনে দুটা ডকাইতক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৰাইজে।