
নিউজ ডেস্ক। মুক্তিৰ পাছতে চৰ্চাত থকা বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বক্স অফিচত অব্যাহত আছে সফলতাৰ ধাৰা।
ইতিমধ্যে ছবিখনৰ মুক্তি লাভৰ ৮ দিনত পিছত ১০০ কোটিৰ ঘৰ অতিক্ৰম কৰি ৰচনা কৰিছে এক অনন্য অভিলেখ। দ্য কাশ্মীৰ ফাইলছৰ অষ্টম দিনাৰ উপাৰ্জনৰ ক্ষেত্ৰত আমিৰ খানৰ ‘ডংগল’ ছবিৰ অভিলেখো ভংগ কৰিবলৈ সক্ষম হৈছে।

বাণিজ্য বিশ্লেষকৰ মতে, ছবিখন মুক্তিলভাৰ অষ্টম দিনা অৰ্থাৎ শুকুৰবাৰে দ্য কাশ্মীৰ ফাইলছে উপাৰ্জন কৰিছে ১৯.১৫ কোটি টকা।
উল্লেখ্য যে, বলীউডৰ ব্লকবাষ্টাৰ ছবি ‘ডংগল’ৰ অষ্টম দিনৰ উপাৰ্জন আছিল ১৮.৫৯ কোটি টকা।
এনে পৰিপ্ৰেক্ষিততো ডংগলকো চেৰ পেলাবলৈ সক্ষম হৈছে কাশ্মিৰী পণ্ডিতৰ ওপৰত চলা নিৰ্যাতনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনে।
যোৱা ১১ মাৰ্চত দেশৰ ছবিগৃহত মুক্তিলাভ কৰা দ্য কাশ্মিৰ ফাইলছে ইতিমধ্যে উপাৰ্জন কৰিছে ১১৬.৪৫ কোটি টকা। বাণিজ্য বিশ্লেষকৰ মতে, ছবিখনে দ্বিতীয় সপ্তাহৰ অন্তত ১৫০ কোটিৰ উপাৰ্জন অতিক্ৰম কৰিবলৈও সক্ষম হব।
ছবিখনৰ সৈতে জড়িত এক সূত্ৰই সদৰী কৰা মতে, দ্য কাশ্মিৰ ফাইলছৰ হিন্দীত অভূতপূৰ্ব জনপ্ৰিয়তাৰ পিছত এইবাৰ কানাড়া, তেলেগু, তামিল আৰু মালায়মতো ডাব কৰাৰ পৰিকল্পনা কৰা হৈছে।
লক্ষণীয়ভাৱে প্ৰথম সপ্তাহৰ তুলনাত দ্বিতীয় সপ্তাহৰ আৰম্ভণিত ছবিখনৰ উপাৰ্জন অধিক বৃদ্ধি পাইছে।
উল্লেখ্য যে, বিবেক অগ্নিহোত্ৰীয়ে পৰিচালনা কৰা দ্য কাশ্মিৰ ফাইলছে ৰাজনৈতিক ভাৱেও তীব্ৰ চৰ্চা লাভ কৰিছে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছবিখনৰ মুক্তিৰ পিছতে সকলো বিজেপি সাংসদক ছবিখন চাবলৈ আহ্বান জনাইছে।
ইতিমধ্যে ভাৰতৰ প্ৰায়কেইখন বিজেপি শাসিত ৰাজ্যত কৰমুক্ত ঘোষণা কৰা হৈছে দ্য কাশ্মিৰ ফাইলছক। তদুপৰি ছবিখন চাবলৈ অসমকে ধৰি একাধিক ৰাজ্যৰ চৰকাৰী বিষয়া-কৰ্মচাৰীক অৰ্ধছুটিও প্ৰদান কৰা হৈছে।