ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনঃ মেৰবিল নাহৰকটীয়া সমষ্টি AJPক এৰি দিয়াৰ সিদ্ধান্ত কংগ্ৰেছৰ…

২০ জানুৱাৰীত ৰাজ্যত অনুষ্ঠিত হব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচন। 

যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, ধেমাজি আৰু লখিমপুৰৰ অঞ্চলত অনুষ্ঠিত হব ভোটগ্ৰহণ।

নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল।

উল্লেখ্য যে মুঠ ২২ জনীয়া ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছে কালি ২১ গৰাকী দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল।

কিন্তু হঠাতে এখন আসন এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ দলে।

শুক্ৰবাৰে এক দলীয় বিজ্ঞপ্তি যোগে কংগ্ৰেছে সদৰি কৰে যে নিৰ্বাচনৰ বাবে এখন আসন অসম জাতীয় পৰিষদক এৰি দিব।

মেৰবিল নাহৰকটীয়া সমষ্টি অসম জাতীয় পৰিষদক এৰি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছে।

২২ নং মেৰবিল নাহৰকটীয়া সমষ্টিৰ আসনখন অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ বাবে এৰি দিবলৈ ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটী আৰু নাহৰকটীয়া ব্লক কংগ্ৰেছ কমিটিৰ পৰামৰ্শৰ ভিত্তিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, ৩১ ডিচেম্বৰ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন। লগতে ১ জানুৱাৰী মনোনয়ন পৰীক্ষা আৰু ৩ জানুৱাৰী মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

আনহাতে ২৪ জানুৱাৰী তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব।

Leave a Comment