ঠিকাদাৰৰ পৰা ঘােচ লৈ গ্ৰেপ্তাৰ পঞ্চায়ত সচিব সুজিত ঠাকুৰীয়া

নিউজ ডেস্ক। পুনৰ কামৰ বিনিময়ত উৎকােচ দাবী কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল চৰকাৰী কৰ্মচাৰী।

এইবাৰ দৰং জিলাৰ ধূলা গাঁও পঞ্চায়ত কাৰ্যালয়ত চলিল অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এই অভিযানত এজন ঠিকাদাৰৰ পৰা ঘােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ হ’ল পঞ্চায়ত সচিব তথা সহকাৰী বিডিঅ’ সুজিত ঠাকুৰীয়া।

image 111
ঠিকাদাৰৰ পৰা ঘােচ লৈ গ্ৰেপ্তাৰ পঞ্চায়ত সচিব সুজিত ঠাকুৰীয়া 2

জানিব পৰা মতে, ঠিকাদাৰৰ পৰা বিলৰ ধন মুকলি কৰাৰ অজুহাতত অবৈধ ভাৱে দাবী কৰা ধন লওঁতে হাতে লোটে গ্ৰেপ্তাৰ হয় ধূলা গাঁও পঞ্চায়তৰ সচিব সুজিত ঠাকুৰীয়া।

ভুক্তভােগী ঠিকাদাৰজনে এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল কৰাৰ পিছতে বুধবাৰে এই অভিযান চলে।

এই অভিযান সন্দৰ্ভত টুইট কৰে দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।