ঠিকাদাৰৰ পৰা ১ শতাংশ কমিছন দাবী কৰি মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত স্বাস্থ্যমন্ত্ৰী, গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ ক্ষমতালৈ আহিয়েই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হোৱা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিলে স্বাস্থ্যমন্ত্ৰী বিজয় সিংলাক।

ঠিকাদাৰৰ পৰা নিবিদাৰ বিনিময়ত এক শতাংশ কমিছন বিছৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে মন্ত্ৰী সিংলাক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

এই সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তাযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মন্ত্রীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছো৷ মই তেওঁক কেবিনেটৰ পৰা অপসাৰণ কৰিছো।’

Punjab: CM Mann Sacks Health Minister Vijay Singla Over Corruption Charges,  Says He Was Demanding 1

এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মানে কয় যে এক শতাংশ দুৰ্নীতিও সহ্য কৰা নহ’ব।

উল্লেখ্য যে, ভাৰতৰ ইতিহাসত দুৰ্নীতিৰ অভিযোগত এইবাৰ দ্বিতীয়বাৰৰ বাবে বৰ্খাস্ত কৰা হৈছে এগৰাকী মন্ত্ৰীক।

ইয়াৰ পূৰ্বে ২০১৫ চনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দুৰ্নীতিৰ গোচৰত তেওঁৰ এজন মন্ত্ৰীক বৰ্খাস্ত কৰিছিল।

ভগৱন্ত মানৰ মতে, অৰবিন্দ কেজৰিৱালে দুৰ্নীতিৰ শিপা উভালি পেলাবলৈ যি সংকল্প লৈছিল, আম আদমী পাৰ্টীৰ প্ৰতিজন নেতা-কৰ্মী সেই সংকল্প পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।

ইফালে, পঞ্জাৱ মন্ত্ৰীসভাৰ পৰা বিজয় সিংলাক অপসাৰণ কৰাৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, কেবিনেটৰ পৰা বৰ্খাস্ত হোৱা বিজয় সিংলা হৈছে মানছাৰ বিধায়ক।

পেছাত তেওঁ এজন দন্ত চিকিৎসক আৰু চহৰখনত এটা দন্ত চিকিৎসালয় চলাই আছে। প্ৰায় সাত বছৰ পূৰ্বে আপত যোগদান কৰিছিল সিংলাই।

Leave a Comment