fbpx
অসমঅসমীয়া

ট্ৰেইলাৰ ট্ৰাকৰ সৈতে গেছ পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষ, দৈৱক্ৰমে প্ৰাণৰক্ষা বহুজনৰ

নিউজ ডেস্ক। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেইলাৰ ট্ৰাকৰ সৈতে গেছ পৰিবাহী টেংকাৰৰ ভয়ংকৰ সংঘৰ্ষ।

কাৰ্বি আংলং জিলাৰ বোকাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত বালিপথাৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও দুৰ্ঘটনাটোৰ পিছতে দীৰ্ঘ সময় ধৰি বন্ধ হৈ পৰে ঘাইপথ।

জানিব পৰা মতে, ট্ৰেইলাৰ ট্ৰাকখনে গুৱাহাটীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল। আনহাতে, গেছ পৰিবাহী টেংকৰখন গুৱাহাটী অভিমুখে গৈ আছিল।

photo 2022 06 09 10 47 54

দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহন ৰাস্তাৰ ওপৰতে বাগৰি পৰে।

উল্লেখযোগ্য যে ভাগ‍্যক্ৰমে গেছ পৰিবাহী ট্ৰাকখন দুৰ্ঘটনাটোৰ সময়ত খালি হৈ থকাৰ বাবেই অঞ্চলবাসী ৰাইজ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলিত আৰক্ষীৰ লোক উপস্থিত হৈ দুয়োখন দুৰ্ঘটনাগ্ৰস্থ বাহন উদ্ধাৰ কৰি নিজৰ জিম্মাত লয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!