ট্ৰাক নহয়, এইবাৰ অটােৰিক্সাত ওলাল ৮ কােটি টকা মূল্যৰ ড্ৰাগছ্, আটক ১

নিউজ ডেস্ক। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

আৰক্ষীৰ ধাৰাবাহিক সফল অভিযানৰ মাজতে এইবাৰ কৌশল সলনি কৰি সৰু-বৰ ট্ৰাক নাইবা নৈশ বাছৰ সলনি যাত্ৰীবাহী অটােৰিক্সাত বৃহৎ পৰিমাণৰ অপচেষ্টা চলাই ব্যৰ্থ হ’ল ড্ৰাগছ আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ।

কাৰ্বি আংলং আৰক্ষীৰ প্ৰায় ৮ কােটি টকা মূল্যৰ হেৰােইন।

জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৬.৩০ বজাত খটখটী আৰক্ষী চকীৰ অন্তৰ্গত বালিজান বনৰক্ষী গে’টৰ সন্মুখত ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় খটখটী আৰক্ষী।

E-g-Xi-FNUYAo-Sha

এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জোন দাস, বোকাজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত চমুৱা আৰু খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এছ আই চৰণমোহন চেতীয়া, এ এছ আই নিতুল শইকীয়া আৰু এ এছ আই অৰুণ নাথৰ সৈতে যোৱা অভিযানকাৰী দলটোৱে বালিজানত ডিমাপুৰৰ পৰা আহি থকা এনএল ০৭এফ এ ২৪৮২ নম্বৰৰ এখন অটো ৰিক্সাত তালাচী চলাই ৭৮টা চাবোনৰ বাকচত গোপনে ভৰাই ৰখা অৱস্থাত নিষিদ্ধ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হৈছে।

জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় এক কিলোগ্ৰাম হোৱাৰ লগতে বজাৰ মূল্য ৮ কোটিমান হ’ব বুলি অনুমান কৰা হৈছে।

G8

আৰক্ষীয়ে স্থানীয় লোকৰ উপস্থিতিত ড্ৰাগছখিনি জব্দ কৰে বুলি জানিব পৰা গৈছে।

সৰবৰাহৰ লগত জড়়িত লোকজন হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত সূৰুজ আলী বুলি জানিব পৰা গৈছে।

Leave a Comment