
ট্ৰাকৰ সৈতে বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষত নিহত ২, আহত ৩
January 12, 2021নিউজ ডেস্ক। পুনৰ এক শােকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুজন লােকে। আহত হ’ল আন তিনিজন লােক।
নগাঁও জিলাৰ কঠিয়াতলী-ৰেংবেঙত মংগলবাৰে সন্ধিয়া সংঘটিত হৈছে এই দুৰ্ঘটনা।
এখন মালবাহী ট্ৰাকৰ সৈতে বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাগ্ৰস্ত বলেৰ’ খনৰ নম্বৰ AS-01-EM-9657 আৰু ট্ৰাকখনৰ নম্বৰ NL-03-A-0292।
প্ৰত্যক্ষদৰ্শীৰ মতে ট্ৰাকখন ভুল পথেৰে অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।
নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত এক ট্ৰাক আৰু বলেৰ’ গাড়ীৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, গুৰুতৰভাৱে আহত ২
— NEWS8 Northeast (@news8northeast) January 12, 2021
Two killed in a head on collision between Truck and Bolero at Rengbengtol of Nagaon District, Assam. pic.twitter.com/YLRAw5S7i8
ঘটনাৰ বিবৰণী অনুসৰি, তীব্ৰ বেগেৰে আহি থকা বলেৰ’ গাড়ী খনৰ সন্মুখত বিপৰিত দিশৰে আহি থকা ট্ৰাকৰ সৈতে মুখামুখী সংঘৰ্ষৰ ফলত বলে’ৰ ৫ গৰাকী যাত্ৰীৰ ভিতৰত দুজনৰ চিকিৎসালয়ত মৃত্যু হয়। আন দুজন গুৰুতৰভাৱে আহত হয়।
নিহত দুজনৰ নাম চিন্টত বে আৰু সুন্দৰ জিৎ তেৰং। আহত তিনিজন হৈছে অৰুণ কিলিং, তাপচ দাস আৰু চিৎ সিৎ তেৰং।
আহত তিনিজনক নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, আধাৰ কাৰ্ডৰ কাম কৰি আঞ্জুপানীৰ পৰা ডিফু অভিমুখে বলেৰ’ বাহনখন গৈ থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
লগতে চাওকঃ
প্ৰকৃত বন্ধু! পথৰ কুকুৰে দ্বিতীয় জীৱন দিলে এজন ব্যক্তিক

চেল্ফী তুলিবলৈ গৈ প্ৰাণ গ’ল যুৱতীৰ! ২২ ঘণ্টাৰ পিছত উদ্ধাৰ মৃতদেহ

সুৰাপান কৰি ৰাজপথত বাহন চলোৱা সকল প্ৰকৃততে ৰাজপথৰ সন্ত্ৰাসবাদীঃ আৰক্ষী আয়ুক্ত

প্লাষ্টিক-থাৰ্ম’কলৰে হেলমেট প্ৰস্তুত! নকল হেলমেট প্ৰস্তুত কৰা প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান
