অসমঅসমীয়া

ট্ৰাকৰ খুন্দাত বিধ্বস্ত বাইক, থিতাতে মৃত্যু দুই বাইক আৰোহীৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুই বাইক আৰােহী যুৱকক মহটিয়াই নিলে মালবাহী ট্ৰাকে।

এই ঘটনাৰ স্থান কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্রপলহাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ।

6-20

প্ৰত্যক্ষদৰ্শীৰ মতে, বাইহাটা চাৰিআলি চ’ক অভিমুখী মটৰ চাইকেল আৰোহী যুৱকদ্বয়ে কেঁকুৰিটোত এখন ট্রেইলৰ বাহনক অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে বিপৰীতমুখী আলু পৰিবাহী ট্রাক এখনৰ সৈতে মটৰ চাইকেলখনৰ মুখামুখি সংঘর্ষ লাগে।

25

ফলত প্রায় ২২ বছৰীয়া যুৱকদ্বয়ৰ শোকাৱহ মৃত্যু ঘটে। যুৱকদ্বয় দৰং জিলাৰ হালধাৰৰ আনােৱাৰ হুছেইন আৰু নুৰ আমিন বুলি চিনাক্ত কৰা হৈছে।

11

জানিব পৰা মতে, পুৱা প্ৰায় ৬-৪৫ বজাত ৰাষ্ট্ৰীয় ঘাইপথটোৰে দুজন আৰোহী থকা এ এছ ২৫ডি ২৩৩৫ নম্বৰৰ মটৰ চাইকেলখনৰ তেজপুৰ অভিমুখী ইউ পি ৬১ এটি ৩১৮৩ নম্বৰৰট্রাক এখনৰ সৈতে মুখামুখি সংঘর্ষ হয়।

ঘটনাটোত মটৰ চাইকেলখনসহ আৰোহীদ্বয় ট্রাকখনৰ তলত সোমাই ১০ মিটাৰমান চুঁচৰি যোৱাৰ পাছত ট্রাকখন ৰৈ যায়।

এজন যুৱকৰ থিতাতে মৃত্যু হােৱাৰ বিপৰীতে, আনজন যুৱকে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক আঁকােৱালি লয়।

লগতে চাওকঃ

ভূপেন বৰাৰ কবিতাৰ সৈতে কি সম্পৰ্ক মিষ্টাৰ ৰাজকুমাৰৰ? ক’লে বিধায়ক জয়ন্ত মল্ল বৰুৱাই…

G1

অসমত এনকাউণ্টাৰ চলা নাই, আৰক্ষীৰ ‘একশ্যন’ চলিছেঃ আৰক্ষী সঞ্চালকপ্ৰধানৰ

photo-2022-01-31-19-51-40

Related Articles

Leave a Reply

Back to top button