fbpx
অসমঅসমীয়া

ট্ৰাকচালকৰ তৎপৰতাৰ বাবে দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল যাত্ৰীবাহী বাছ…

নিউজ ডেস্ক। এজন ট্ৰাক চালকৰ তৎপৰতাৰ বাবে বুধবাৰে পুৱতিনিশা কথমপি প্ৰাণৰক্ষা হয় বাছযাত্ৰীৰ।

বাতৰিৰ বিৱৰণ অনুসৰি, নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত পুৱতিনিশা এখন তীব্ৰবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বৈদ্যুতিক খুটাৰে সৈতে থকা ট্ৰেন্সফৰ্মাৰতত খুন্দা মাৰে।

p5 8

যদিও এই ঘটনাত বিদ‍্যুত বিভাগৰ যথেষ্ট ক্ষতিসাধন হৈছে , তথাপিও চালক জনৰ তৎপৰতাৰ বাবে অন‍্য এখন বাছত থকা যাত্ৰীসকল ভয়ানক দুৰ্ঘটনাৰ পৰা হাত সাৰে।

উল্লেখযোগ্য যে AS01EC0316 নম্বৰৰ মালবাহী ট্ৰাকখন বাংগালোৰৰ পৰা চাংসাৰী অভিমুখে আহি আছিল।

P6 5

ট্ৰাক খনৰ চালকৰ ভাষ‍্য মতে বৰতলা পোৱা অৱস্থাত ব্ৰেক ফেইল হোৱাত নিয়ন্ত্ৰণাধীন হৈ পৰিছিল ট্ৰাকখন।

সেই সময়তে সন্মুখত এখন যাত্ৰীবাহী বাছ দেখি তেওঁ উপায়হীন হৈ পৰে আৰু বাছখনক নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাৰ নিমিত্তে ট্ৰাকখনেৰে বাওঁফালে থকা বৈদ্যুতিক খুটাত খুন্দা মাৰে।

p4 10

উক্ত ঘটনাত চালক আৰু হেণ্ডিমেনজন কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

ঘটনাস্থলীত পিছত মুকালমুৱা যান বাহন আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ যথাযথ বুজ লয়।

উল্লেখ‍্য যে এই দুৰ্ঘটনাটোৰ পিছতে অঞ্চলটোত বিদ‍্যুৎ সেৱা সম্পূৰ্ণভাৱে ব‍্যাহত হৈ পৰিছে ।

লগতে চাওকঃ

বিশ্বৰ ভিতৰতে বৃহত্তম মন্দিৰৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান গুৱাহাটীৰ মুছলমান ব্যৱসায়ীৰ

G1 42

Related Articles

Leave a Reply

Back to top button