অসম

টোল গেটৰ TAX কেতিয়াও চান্দা হ’ব নোৱাৰে, যিয়ে এনেকৈ কয় তেওঁলোকেই অসমৰ প্ৰধান শত্ৰুঃ মুখ্যমন্ত্ৰী

টোল গেটৰ TAX কেতিয়াও চান্দা হ’ব নোৱাৰে।

যিয়ে এনেকৈ কয় তেওঁলোকেই হৈছে অসমৰ প্ৰধান শত্ৰু।

এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

টোল গেটৰ TAX সন্দৰ্ভত তেওঁ কয়- টোল গেটৰ পইচাটো ৰাষ্ট্ৰ নিৰ্মাণত সহায়ক হয়। টোলগেটৰ পইচাৰে ৰাস্তা মেৰামতি হয়, ৰাস্তা বনোৱা হয়। টোলগেটৰ পইচাটো নোহোৱা হৈ নাযায়। একেটা পইচাৰে ৰাস্তা, ফ্লাইঅভাৰ নিৰ্মাণ কৰা হয়।

চৰকাৰে লোৱা কৰ কাটলৰ লগতে পূজাৰ চান্দাৰ তুলনা কৰা মানুহ সকলেই হৈছে অসমৰ আটাইতকৈ ডাঙৰ শত্ৰু। তেওঁলোকে যিকোনো প্ৰকাৰে চান্দা সংস্কৃতিৰ লগত জড়িত হৈ থাকিব বিচাৰে।- মুখ্যমন্ত্ৰী।

উল্লেখ্য যে, পূজাৰ নামত চান্দা সংগ্ৰহৰ বিৰোধীতা কৰি চান্দা সংগ্ৰহ নকৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, সৰু সৰু ব্যৱসায়ীক চান্দাৰ নামত হাৰাশাস্তি নকৰিব। অসমীয়া লোকৰ বিৰুদ্ধে বদনাম আছে আনৰ টকাৰে বিহু পতা বুলি। দুৰ্গা পূজা নিজৰ টকাৰে হ’ব লাগে, আনৰ টকাৰে হ’ব নালাগে।

Related Articles

Back to top button