টিংৰাইত গ্ৰেনেড নিক্ষেপ কৰা দুৰ্বৃত্তৰ সন্ধান দিওতাক আৰক্ষীয়ে দিব ২ লাখ টকা!

May 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ এলেকাধীন টিংৰাইত শুকুৰবাৰে দুপৰীয়া সংঘটিত গ্ৰেনেড বিস্ফােৰণৰ ঘটনাক লৈ ক্লু লাভ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত এই গ্ৰেনেড বিস্ফােৰণৰ ঘটনা প্ৰাণ হেৰুৱাইছিল দুজন লােকে।

ইপিনে, এই ঘটনা সন্দৰ্ভত তদন্ত ক্ষিপ্ৰতৰ কৰি গ্ৰেনেড নিক্ষেপ কৰা দুই যুৱকৰ চিচিটিভি ফুটেজ লাভ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ক’লা ৰঙৰ পালচাৰ বাইকত আহিছিল কূটাঘাতকাৰী।

এই দুই যুৱকৰ সন্ধান দিওঁতালৈ তিনিচুকীয়া আৰক্ষীয় দিব দুই লাখ টকাৰ পুৰস্কাৰ। লগতে গােপনে ৰাখিব সন্ধান দিওতাৰ প্ৰকৃত পৰিচয়।

সন্ধান দিওতালৈ তিনিচুকীয়া আৰক্ষীয়ে মুকলি কৰি দিছে এটা ফোন নম্বৰ। 8638018965 এই নম্বৰত ফোন কৰি সন্ধান দিওতাই দুই দুৰ্বৃত্তৰ সন্ধান দিব পাৰিব আৰক্ষীক।

উল্লেখ্য যে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ টিংৰাই বজাৰৰ পূৰণ আগৰৱালা নামৰ এখন দোকানলৈ বুলি লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল গ্ৰেনেডটো।

লগতে চাওকঃ

বিস্ফােৰণস্থলীত মুখ্যমন্ত্ৰী, মৃতকৰ আত্মীয়ক সাক্ষাৎ কৰি ৫-৫ লাখ টকাৰ সাহায্য প্ৰদানৰ ঘােষণা