টুইটাৰৰ CEO জেক ডৰ্চিৰ পদত্যাগ, নতুন CEOৰ দায়িত্বভাৰ গ্ৰহণ এগৰাকী ভাৰতীয়ৰ…

টুইটাৰৰ CEO জেক ডৰ্চিৰ পদত্যাগ।

টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক জেক ডৰ্চিয়ে মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰাৰ পাছতেই টুইটাৰৰ CEOৰ দায়িত্বভাৰ গ্ৰহণ এগৰাকী ভাৰতীয়ৰ।

সোমবাৰে টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া তথা IIT বোম্বেৰ স্নাতক পৰাগ আগৰৱালে টুইটাৰৰ নতুন CEO হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে।

টুইটাৰৰ মুখ্য কাৰিকৰী বিষয়া হিচাপে কৰ্মৰত আগৰৱাল সম্প্ৰতি ছানফ্ৰান্সিকোৰ বাসিন্দা।

অৱশ্যে ২০২২ চনত কাৰ্যকাল সমাপ্ত নোহোৱা পৰ্যন্ত ছ’চিয়েল মিডিয়া কোম্পানীৰ ব’ৰ্ডৰ দায়িত্বত থাকিব জেক ডৰ্চি। 

নতুন CEO পৰাগ আগৰৱালক শুভেচ্ছা জ্ঞাপন কৰি ডৰ্চিয়ে কয় যে, ‘টুইটাৰৰ CEO হিচাপে দায়িত্ব গ্ৰহণ কৰা পৰাগৰ ওপৰত মোৰ বিশ্বাস আছে। যোৱা ১০ বছৰত তেওঁ পৰিৱৰ্তনশীল কাম কৰি আহিছে। তেওঁৰ দক্ষতাৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ আৰু এতিয়া তেওঁ নেতৃত্ব দিয়াৰ উপযুক্ত সময়।’

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ডৰ্চিয়ে ২০০৮ চনত টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰিছিল। কিন্তু ২০১৫ চনত পুনৰ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিছিল জেক ডৰ্চিয়ে।

Leave a Comment