টিকটকৰ প্ৰেমে পালে পূৰ্ণতা! ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু যুৱকৰ সৈতে বিয়াত বহিল নাজনীনে

প্ৰেম স্বাধীন, প্ৰেমে নামানে কোনো বাধা।

এই কথাষাৰেই যেন পুনৰ বাৰ প্ৰমাণিত হ’ মধ্য প্ৰদেশৰ মান্দসৌৰত।

প্ৰেমৰ বাবেই ধৰ্মান্তৰিত হ’ল এগৰাকী মুছলমান ধৰ্মাৱলম্বী যুৱতী।

ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্ৰণ কৰি নাজনীনে ল’লে নেন্সি গোস্বামী নাম।

মধ্য প্ৰদেশৰ মান্দসৌৰত গায়ত্ৰী মন্দিৰত বৃহস্পতিবাৰে নাজনীন বানোৱে হিন্দু ৰীতি-নীতি অনুসৰি দীপক গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

দীপক গোস্বামীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ১৯ বছৰীয়া নেন্সি গোস্বামী।

বাতৰি অনুসৰি, গুনা জিলাৰ কুম্ভৰাজত মহম্মদ জাফৰৰ কন্যা নাজনীন বানোই ২০১৯ চনত টিক টকত দীপকৰ সৈতে চিনাকি হৈছিল।

টিকটকৰ জৰিয়তে দুয়ো বন্ধু হৈ পৰিছিল আৰু কিছু দিনৰ পিছত এই বন্ধুত্ব প্ৰেমত পৰিণত হৈছিল।

কিন্তু নাজনীনৰ পৰিয়ালে এই বিষয়ে জানিব পাৰি তেওঁলোকে এই সম্পৰ্কক তীব্ৰ বিৰোধিতা কৰে।

ইয়াৰ পিছতে নাজনীনে দীপকৰ সৈতে প্ৰায় ছমাহ পূৰ্বে পলায় যায় আৰু অৱশেষত নাজনীনে ধৰ্ম সলনি কৰি নেন্সি নাম লৈ দীপকৰ সৈতে বিবাহপাশত আবদ্ধ হয়।