টাটা ছুম’-স্কুটীৰ সংঘৰ্ষত নিহত মাক-জীয়েক আৰু জােঁৱাই

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী টাটা ছুম’ বাহনৰ খুন্দাত থিতাতে নিহত স্কুটী আৰােহী শিশু-মহিলাসহ ৩ জন।

এই দুৰ্ঘটনাৰ স্থান যােৰহাট জিলাৰ মৰিয়নীৰ ধোদৰ আলিৰ ধপাতবাৰী।

সােমবাৰে সংঘটিত এই শােকাৱহ পথত দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰে তিনিজন লােক।

1 2
টাটা ছুম’-স্কুটীৰ সংঘৰ্ষত নিহত মাক-জীয়েক আৰু জােঁৱাই 7

মৃত ব্যক্তি সকল ক্ৰমে নগাধূলি চাহ বাগানৰ সুৰেশ তাঁতী (মদন), দোলোজান গেলাপানী গাঁওৰ তেওঁৰ শাহু-মা ৰেণু তাছা, খুলশালী মৰমী তাছা।

জানিব পৰা মতে, নগাতলীৰ ৫ নং লাইনৰ বৰা দয়াং বাগানলৈ AS-03Z-5886 নম্বৰৰ স্কুটীৰে যাত্ৰা কৰাৰ সময়তে বিপৰীত দিশৰ পৰা অহা নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা NL-02T-2114 নম্বৰৰ টাটা ছুম’ বাহনৰ সৈতে সংঘৰ্ষ হয় বাইকখনৰ।

33
টাটা ছুম’-স্কুটীৰ সংঘৰ্ষত নিহত মাক-জীয়েক আৰু জােঁৱাই 8

ফলত থিতাতে নিহত হয় তিনিওজন লােক। এই ঘটনাক লৈ উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চল।

একাংশ লােকে দুৰ্ঘটনা সংঘটিত কৰা টাটা ছুম’ বাহনখনৰ ক্ষতিসাধন কৰে। তিতাবৰ-মৰয়নি-ধােদৰ আলি পথ অৱৰােধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

3
টাটা ছুম’-স্কুটীৰ সংঘৰ্ষত নিহত মাক-জীয়েক আৰু জােঁৱাই 9

নাগাধূলি চাহ বাগান আৰু কাষৰীয়া গাওঁ বাগানৰ ৰাইজে প্ৰায় ৫ ঘন্টা ধৰি পথ অৱৰোধ কৰে।

পাছত স্থানীয় বিধায়ক ৰূপজ্যােতি কুৰ্মীৰ লগতে আৰক্ষী-প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

2
টাটা ছুম’-স্কুটীৰ সংঘৰ্ষত নিহত মাক-জীয়েক আৰু জােঁৱাই 10

বিধায়ক ৰূপজ্যােতি কুৰ্মীয়ে নিহত লােকসকলৰ পৰিয়ালক উচিত ক্ষতিপূৰণ আদায়ৰ বাবে বিহিত ব্যৱস্থা লােৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

স্থানীয় লােকৰ অভিযােগ অনুসৰি, ডিমাপুৰৰ পৰা অহা অধিকাংশ ছুম’ বাহনেই এই পথছােৱাৰে তীব্ৰবেগত চলাচল কৰে।

7
টাটা ছুম’-স্কুটীৰ সংঘৰ্ষত নিহত মাক-জীয়েক আৰু জােঁৱাই 11

ইয়াৰ ফলতে পূৰ্বতেও এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰি এনে যান-বাহনক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

লগতে চাওকঃ

ভেলণ্টাইন ডে’ৰ দিনাই ঢাবাৰ পৰা গ্ৰেপ্তাৰ প্ৰেমিক যুগলক!

G4 9
টাটা ছুম’-স্কুটীৰ সংঘৰ্ষত নিহত মাক-জীয়েক আৰু জােঁৱাই 12

Leave a Comment