fbpx
অসম

টাইমৰ ১০ গৰাকী উদ্ভাৱনশীল শিক্ষকৰ তালিকাত স্থান লাভ অসম মূলৰ ৰাস্না নাথৰ

নিউজ ডেস্ক। টাইমৰ দ্বাৰা প্ৰকাশ কৰা ১০ গৰাকী ‘উদ্ভাৱনশীল শিক্ষক’ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম মূলৰ আমেৰিকান ৰাস্না নাথে।

চেণ্ডলাৰ এৰিজোনাৰ এচিপি হাইস্কুলত অধ্যাপনা কৰা ৰাস্নাক তেওঁৰ উদ্ভাৱনীমূলক কাৰ্যসূচী DRIPBL (ড্ৰিম ৰিচাৰ্চ ইনোভেট প্ৰব্লেম/প্ৰজেক্ট বেছড লাৰ্নিং)ৰ বাবে বছৰৰ অন্যতম উদ্ভাৱনীমূলক শিক্ষয়িত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।

Rachna Nath

ৰাস্না নাথে সমালোচনাত্মক চিন্তাধাৰা, সমস্যা সমাধান আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক গৱেষণা দক্ষতা প্ৰদান কৰি আহিছে।

তেওঁ ছাত্ৰ-ছাত্ৰীক পেটেণ্ট চাৰ্চ কৰিবলৈ আৰু নৱম শ্ৰেণীৰ পৰাই তেওঁলোকৰ প্ৰথম সপোনৰ কোম্পানীবোৰৰ বাবে আবেদন কৰিবলৈও উদগনি যোগাই আহিছে।

টাইমৰ প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি ৰাস্না নাথে এগৰাকী হানি বি বিজ্ঞানী, উদ্ভাৱক আৰু উদ্যোগী হিচাপে চেণ্ডলাৰ পাব্লিক স্কুল ডিষ্ট্ৰিক্টৰত শিক্ষাবিদ হিচাপে কৰ্তব্য পালন কৰি আহিছে আৰু হাইস্কুল পাঠদানৰ ক্ষেত্ৰত এক অনন্য আৰু অভূতপূৰ্ব দৃষ্টিভংগী প্ৰদান কৰি আহিছে।

p3

“উদ্ভাৱনশীল শিক্ষক”সকলৰ নাম সংকলন কৰাৰ সময়ত টাইমে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ মনোনয়নৰ পৰ্যালোচনা কৰে। যাৰ ভিতৰত ৰাজহুৱা বিদ্যালয়, ৰাজহুৱা চাৰ্টাৰ, ব্যক্তিগত আৰু পেৰ’চিয়াল বিদ্যালয়ৰ শিক্ষক আছে।

উল্লেখ্য যে, গুৱাহাটীৰ ছেইণ্ট মেৰী’ছ ইংৰাজী হাইস্কুলত ৰাস্না নাথে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ২০০৩ চনত তেওঁ বিবাহপাশত আবদ্ধ হৈ আমেৰিকাত থাকিবলৈ লয়।

ইয়াৰ পূৰ্বে তেওঁ কটন কলেজৰ সাৱিত্ৰী বৰদলৈৰ সৈতে গৱেষণাৰ কাম কৰি আছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!