MIZORAM

টকিঅ’ অলিম্পিকলৈ যােগ্যতা অৰ্জন উত্তৰ পূবৰ আন এগৰাকী খেলুৱৈৰ

নিউজ ডেস্ক। মিজোৰামৰ যুৱতী লালৰেমচিয়ামিয়ে ভাৰতীয় মহিলা হকী দলৰ হৈ আগন্তুক টকিঅ’ অলিম্পিকলৈ অৰ্জন কৰিলে যোগ্যতা।

এই খবৰে এতিয়া মিজোৰাম তথা উত্তৰ পূৰ্বাঞ্চলক অধিক গৌৰৱান্বিত কৰি তুলিছে।

২১ বছৰীয়া এই মিজো যুৱতী গৰাকীয়ে ২০১৯ বৰ্ষত জাপানত অনুষ্ঠিত হোৱা FIH চিৰিজৰ সময়ত সমগ্ৰ দেশবাসীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। যিয়ে চলি থকা সেই চিৰিজৰ চূড়ান্ত খেলৰ আগ মূহুৰ্তত নিজৰ পিতৃক হেৰুৱাইয়ো দলৰ হৈ দেশৰ সন্মান ৰক্ষা তথা অলিম্পিকলৈ ভাৰতে যোগ্যতা অৰ্জন কৰাৰ সপোন পূৰণৰ বাবে ঘৰলৈ নাহি খেলত অংশ লোৱাৰ সিদ্ধান্ত লৈছিল।

উল্লেখ্য যে লালৰেমচিয়ামিয়ে এছিয়ান য়ুথ অলিম্পিক গেমছৰ ১৮ অনুৰ্ধ্বৰ প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিছিল। যিয়ে ৫ খন মেচত ৭ টা গল দি সমাপ্ত কৰিছিল টুৰ্ণামেণ্টখন। তাৰ পিছতেই তেওঁ ২০১৭ ত ছিনিয়ৰ হকী দলত অন্তৰ্ভুক্ত হৈছিল আৰু সেই বৰ্ষতে এছিয়া কাপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

২০১৮ ৰ এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফীত তেওঁ মুঠ ৫ খন মেচত খেলপথাৰত আছিল মাত্ৰ ৩১ মিনিটৰ বাবে। আৰু সেই সময়তে তেওঁ দুটাকৈ গল কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে তেওঁ ‘U-21 rising star award’ লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰোপৰি তেওঁ সেই বৰ্ষত ‘Buenos Aires Youth Olympics’ ত ভাৰতে ৰূপৰ পদক লাভ কৰাত বিশেষ ভূমিকা লৈছিল। সেইটো আছিল সেই খেল ইতিহাসৰ প্ৰথম। সেই খেলখনত তেওঁ মুঠ ৯ টা গল কৰিবলৈ সক্ষম হৈছিল। যিকেইটা গল কৰিছিল অষ্ট্ৰিয়া, উৰুগুৱে আৰু ভানুৱাটোৰ বিৰুদ্ধে।

উল্লেখ্য যে আগন্তুক টকিঅ’ অলিম্পিকত অংশ গ্ৰহণৰ বাবে ভাৰতে মুঠ ১৬ জনীয়া হকী দলক নিৰ্বাচিত কৰিছে। ইয়াৰে লালৰেমচিয়ামি সহ ৮ গৰাকীয়ে প্ৰথমবাৰৰ বাবে অলিম্পিকলৈ যাব।

ভাৰতৰ মহিলা হকী দলে এইবাৰৰ সৈতে তৃতীয়বাৰ অংশ লব অলিম্পিকত। ইয়াৰ পূৰ্বে ১৯৮০ আৰু ২০১৬ ৰ অলিম্পিকত অংশ লৈছিল ভাৰতীয় মহিলা হকী দলে। ২০১৬ ৰ ৰিঅ’ অলিম্পিকত ভাৰতীয় দলে সৃষ্টি কৰিছিল এক ইতিহাস।

লালৰেমচিয়ামিয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাত তেওঁক শুভেচ্ছা জনাইছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা সহ ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়টেয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button