অসমীয়াঅসম

টকা দি কোচিং চেণ্টাৰত পঢ়া ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰি হুলস্থূল কৰাৰ ভয়ত নাটক কৰিছে ভিক্টৰ দাসেঃ মন্ত্ৰী পীযুষ হাজৰিকা

নিউজ ডেস্কঃ সমগ্ৰ ৰাজ্যজুৰি এতিয়া নিযুক্তি বিতৰ্কক লৈ চৰ্চা। বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কোনোৱে যদি ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক গৰিহণা দিছে, আন কোনোৱে আকৌ আৰক্ষীয়ে সঠিক কাম কৰা বুলি মন্তব্য কৰিছে।

ৰাজ্যজুৰি চলি থকা এনে প্ৰতিক্ৰিয়াৰ মাজত মাত নমতাকৈ কেনেকৈ থাকে মন্ত্ৰী পীযুষ হাজৰিকাই। সকলো বিষয়তে মাত মাতি নিজৰ উপস্থিতি দৰ্শাই অহা বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই এইবাৰ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ ব্যক্ত কৰিলে নিজৰ প্ৰতিক্ৰিয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত নিযুক্তি পৰীক্ষাৰ নামত দুৰ্নীতি হবই নোৱাৰে বুলি দৃঢ়তাৰে কৈ সংবাদ মাধ্যমৰ সন্মুখত প্ৰথমেই মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা। তাৰ পিছত কয় যে সমাজত দালালৰ অভাৱ নাই। মধ্যভোগী দালালে চাকৰি প্ৰদানৰ নামত পইচা খাবলৈ চেষ্টা কৰে। তেনে দালাৰৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই।

অন্যহাতে ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীজনে কয় যে ভিক্টৰ দাসে এয়া নিজৰ স্বাৰ্থৰ বাবেহে কৰিছে। তেওঁ নাটক কৰিছে। ভিক্টৰ দাসে চলাই থকা কোচিং চেণ্টাৰৰ পৰা কোনো শিক্ষাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিব বুলি জানি ভিক্টৰে ফলাফল ঘোষণাৰ পূৰ্বে এই নাটক কৰিছে।

মন্ত্ৰী পীযুষ হাজৰিকাই কয়, ‘গোৱালপাৰৰ ছামিম নামৰ এজন ব্যক্তিৰ লগত ভিক্টৰ দাসৰ দুটা কোচিং চেণ্টাৰ আছে। মই ভাৱো ওলোটাকৈ, তেওঁলোকে কোচিং চেণ্টাৰৰ নামত এনেয়ে টকা লৈছে মানুহৰ পৰা.. আৰু যে তেওঁলোক ফেইল হ’ব, তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে হুলস্থূল কৰিব, তাৰ পূৰ্বে এই নাটক কৰিছে।’

Related Articles

Back to top button