
দুৰাৰােগ্য ৰােগত ভুগি অৱশেষত মৃত্যুৰে হাৰ মানিলে ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক আদিত্য শইকীয়াই।
মৃত্যুৰ সময়ত তেওৰ বয়স আছিল ৪৪ বছৰ।
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি আদিত্য শইকীয়াই এক জটিল ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আছিল।

শনিবাৰে তেওঁ শেষ নিস্বাস ত্যাগ কৰে।
উল্লেখ্য যে প্ৰয়াত শইকীয়া ছাত্ৰ অৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ পৰিছিল।
ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক, কানৈ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উপ-সভাপতিকে ধৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল।
কিছুদিন ডিব্ৰুগড় বহুমুখী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপেও কৰ্মৰত আছিল।
মৃত্যুৰ সময়লৈকে দৈনিক অসম কাকতৰ ডিব্ৰুগড়ৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল।
এগৰাকী সাহাত্যিক হিচাপে আদিত্য শইকীয়াই বহুকেইখন গ্ৰন্থ ৰচনা কৰি গৈছে।
তেওঁ পথভ্ৰষ্ট, জীৱন যুদ্ধ, দুঃসময়ৰ চিন্তাকে ধৰি বহুকেইখন গ্ৰন্থ ৰচনা কৰাৰ লগতে বহুকেইখন আলোচনীও সম্পাদনা কৰিছিল।
তেওঁৰ অকাল মৃত্যুত বিভিন্ন দল-সংগঠনে তথা ব্যক্তিয়ে গভীৰ শােক প্ৰকাশ কৰিছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল