জ্যেষ্ঠ জনৰ আশীৰ্বাদ লৈ ৰাজ্যৰ অষ্টমখন মেডিকেল কলেজ মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

দিনজোৰা কাৰ্যসূচীৰে লখিমপুৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

লখিমপুৰত ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লখিমপুৰত জ্যেষ্ঠ জনৰ ভৰি ধুৱাই আশীৰ্বাদ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৫০০.৮৯ কোটি টকাৰ ব্যয়সাপেক্ষে ১৬৮ বিঘা ভূমি আগুৰি নিৰ্মাণ হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়।

চিকিৎসালয়খনৰ পৰা উত্তৰ অসমৰ ৰাইজ বিশেষভাবে উন্নত চিকিৎসাৰ সুবিধা পাব।

এমবিবিএছৰ ১০০ খন আসন বিশিষ্ট নৱনিৰ্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০০ গৰাকী চিকিৎসকৰ চিকিৎসা পাঠ্যক্ৰমো আজিৰ পৰা আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

ৰাজ্যত প্ৰতি বছৰে চিকিৎসা বিজ্ঞানৰ স্নাতক পৰ্যায়ত অধ্যয়নৰ বাবে উপলব্ধ মুঠ আসনৰ সংখ্যা ১১০০লৈ বৃদ্ধি পাব।

Leave a Comment