জোৰ কৰি বিদ্যুৎ পৰিবাহী খুঁটাত তুলি দিছিল গাঁওবুঢ়াই, তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু যুৱকৰ

নিউজ ডেস্কঃ গাঁওবুঢ়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এজন লোকে।

এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ডিব্ৰুগড় জিলাৰ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ২নং দীঘলীয়া গাঁৱত।

অভিযোগ অনুসৰি, মঙলবাৰে সন্ধিয়া গাঁওখনৰ গাঁওবুঢ়া মুৰুলীধৰ সত্নামীয়ে হেমন্ত সত্নামী নামৰ যুৱকজনক জোৰ কৰি বিদ্যুতৰ খুঁটাত তুলি দি তাঁৰ সংযোগৰ কাম কৰোৱাইছিল।

সেই সময়তে বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যুক সাৱটি লয় হেমন্ত সত্নামীয়ে।

ইফালে এই ঘটনাৰ পিছতে যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বুধবাৰে বিয়লি হেমন্ত সত্নামীৰ মৃতদেহ স্বগৃহলৈ অনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে গাঁওবাসীয়ে।

অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ গাঁওবাসীৰ সৈতে আলোচনা কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

photo1657176746 1
জোৰ কৰি বিদ্যুৎ পৰিবাহী খুঁটাত তুলি দিছিল গাঁওবুঢ়াই, তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু যুৱকৰ 3

গাঁওবুঢ়া মুৰুলীধৰ সত্নামীৰ ভুলৰ বাবেই এনেদৰে দুই সন্তানৰ পিতৃ হেমন্ত সত্নামীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ অভিযোগ তুলি গাঁওবাসীয়ে ক্ষোভ জাহিৰ কৰে।

আনহাতে একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই দিকহাৰা হৈ পৰা হেমন্ত সত্নামীৰ পৰিয়ালটোৰ দায়িত্ব গাঁওবুঢ়াই ল’ব লাগিব বুলিও দাবী তোলে ৰাইজে।

ইফালে মঙলবাৰে হেমন্ত সত্নামীয়ে বিদ্যুৎস্পৃষ্ট হোৱাৰ সময়ত তেওঁক বচোৱাৰ চেষ্টা কৰি আহত হোৱা গাঁওবুঢ়াৰ ঘৰত শ্ৰমিক হিচাপে কৰ্মৰত কাৰ্বি আংলং জিলাৰ চনু কুমাৰ গড়ক বুধবাৰে উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে চাওকঃ

১৬ দিনৰ পিছত উদ্ধাৰ হ’ল নলবাৰীত বন্যাৰ্তক সাহায্য বিতৰণ কৰিবলৈ গৈ সন্ধানহীন হোৱা পৰেশ বৰ্মনৰ মৃতদেহ

msg496020634 9688
জোৰ কৰি বিদ্যুৎ পৰিবাহী খুঁটাত তুলি দিছিল গাঁওবুঢ়াই, তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যু যুৱকৰ 4