
নিউজ ডেস্কঃ সমগ্ৰ বিশ্বৰ ভিতৰতে অন্যতম পৰিচিত আৰু খ্যাতিসম্পন্ন জোতা নিৰ্মাতা কোম্পানী হৈছে Adidas।
কেইবা দশক ধৰি বিশ্বৰ বজাৰ দখল কৰি অহা এই জোতা নিৰ্মাতা কোম্পানীটোক যদি এজন ব্যক্তি বুলি ধৰা হয়, তেন্তে Adidasৰ ভাতৃ কোন আপুনি জানেনে?
শেহতীয়াকৈ দেশৰ অন্যতম উদ্যোগপতি তথা মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই বিচাৰি উলিয়াইছে Adidasৰ ভাতৃক।
উদ্যোগপতিগৰাকীয়ে Adidasৰ ভাতৃক লৈ কৰা এটা টুইটে এতিয়া খলকনি তুলিছে সামাজিক মাধ্যমত। অনেকেই আনন্দ মহিন্দ্ৰাৰ ৰসিকতাপূৰ্ণ টুইটটোৰ ৰস পান কৰিছে।
দৰাচলতে আনন্দ মহিন্দ্ৰাই টুইটাৰত এপাত জোতাৰ ফটো শ্বেয়াৰ কৰিছে। এই জোতাপাতত Adidasৰ ল’গ’ আছে ঠিকেই, কিন্তু নামটো আছে Ajitdas।
আনন্দ মহিন্দ্ৰাই এই টুইটটোত লিখিছে, ‘সম্পূৰ্ণ যুক্তিসংগত। ইয়াৰ অৰ্থ আদি (Adi)ৰ অজিত (Ajit) নামৰ এজন ভাতৃও আছে। বসুধৈৱ কুটুম্বকম?’

উদ্যোগপতিগৰাকীৰ এই টুইটটোৱে সামাজিক মাধ্যমত এতিয়া ৰস দিছে নেট ব্যৱহাৰকাৰীক।
উল্লেখ্য যে, সুপৰিচিত জোতা নিৰ্মাতা কোম্পানী Adidasৰ নামত সময়ে সময়ে বহু নকল জোতা বজাৰত মুকলি হৈ আহিছে। কম মূল্যত এনেবোৰ জোতা বিক্ৰী হয়।
দূৰৈৰ পৰা চালে এই জোতাবোৰ Adidas কোম্পানীৰ দৰেই লাগিলেও নাম বা ল’গ’ৰ জৰিয়তে সেয়া আচল নে নকল সেয়া চিনাক্ত কৰাটো সহজ।
Completely logical. It just means that Adi has a brother called Ajit. Vasudhaiva Kutumbakam? 😊 pic.twitter.com/7W5RMzO2fB
— anand mahindra (@anandmahindra) November 22, 2022