
নিউজ ডেস্কঃ জেহাদীৰ ঘাটী হিচাপে হিচাপে পৰিগণিত হোৱা মাদ্ৰাছাত অসম চৰকাৰে বুলড’জাৰ চলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।
চৰকাৰে আইন হাতত তুলি লৈ বুলড’জাৰ লগাই মাদ্ৰাছা ভাঙি পেলোৱাটো কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি মন্তব্য কৰে ৰিপুণ বৰাই।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি টিএমচিৰ নেতাগৰাকীয়ে কয়, ‘জেহাদীক আমি কেতিয়াও সমৰ্থন নকৰো। যদি জেহাদীক ধৰিছে বা মাদ্ৰাছাত জেহাদীৰ কাৰ্যকলাপ চলিছে, তেন্তে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই সন্দৰ্ভত ন্যায়ালয়ে বিচাৰ কৰিব।’
ৰিপুণ বৰাই পুনৰ কয়, ‘কিন্তু আইন হাতত তুলি লৈ চৰকাৰে বুলড’জাৰ লগাই মাদ্ৰাছা ভাঙি পেলোৱাটোক আমি সমৰ্থন নকৰো।’
উল্লেখ্য যে, বিগত কিছুদিনত ৰাজ্যত আল-কায়দা আৰু আনছুৰল্লাহ বাংলা টীমৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কেইবাজনো মছজিদৰ ইমাম তথা মাদ্ৰাছা শিক্ষকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ মঙলবাৰে ৮ জন অভিযুক্ত জেহাদীৰ বিৰুদ্ধে অভিযোগনামাও দাখিল কৰিছে এনআইএয়ে।