জেহাদী কাৰ্যকলাপ বৃদ্ধি হোৱাৰ মূল কাৰণ হৈছে ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তঃ আছু

জেহাদী কাৰ্যকলাপ বৃদ্ধি হোৱাৰ মূল কাৰণ হৈছে ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্ত।

পাকিস্তান সীমান্তৰ দৰে কিয় শক্তিশালীকৈ নিৰ্মাণ কৰা নহ’ল বাংলাদেশ সীমান্ত।

উদং সীমান্তৰে সম্ভৱ হৈছে অবৈধ অনুপ্ৰৱেশ।

image 155
জেহাদী কাৰ্যকলাপ বৃদ্ধি হোৱাৰ মূল কাৰণ হৈছে ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তঃ আছু 3

দেওবাৰে ধুবুৰী সীমান্ত পৰিদৰ্শন কৰি এই বিস্ফোৰক মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ।

দেওবাৰে ধুবুৰী সীমান্ত পৰিদৰ্শন কৰে আছুৰ এটা সঁজাতী দলে।

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত সীমান্তৰ ১০০১ৰ পৰা ১০৩১নং পিলাৰলৈ যায় আছুৰ দল।

কিন্তু সীমান্তৰ গংগাধৰ নৈৰ পাৰত উপস্হিত হৈ হতবাক হৈ পৰে আছুৰ দল।

কিয়নো বছৰ বছৰ ধৰি উদং হৈ আছে ধুবুৰীৰ নদী সীমান্ত।

image 156
জেহাদী কাৰ্যকলাপ বৃদ্ধি হোৱাৰ মূল কাৰণ হৈছে ভাৰত বাংলাদেশৰ উন্মুক্ত সীমান্তঃ আছু 4

আছুৰ দলে উদং সীমান্তত উপস্থিত হৈ কয় যে, ধুবুৰীৰ উদং সীমান্ত মৌলবাদীৰ অহা–যোৱাৰ বাট।

আছুৰ সাধাৰাণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সীমান্তত বি এছ এফৰ সীমিত সংখ্যক জোৱানৰ কথা দোহাৰি কয় যে, সীমান্তৰ দ্বিতীয় শাৰীৰ নিৰাপত্তা বুলি একোৱে নাই ৷ দ্বিতীয় শাৰীৰ নিৰাপত্তা ব্যৱস্থাত দায়িত্বত থকা সকলোক অন্য দায়িত্বত নিয়োজিত কৰাতো আক্ষেপ প্ৰকাশ কৰে আছুৰ প্ৰতিনিধি দলটোৱে।

পাকিস্তান সীমান্তৰ দৰে কিয় শক্তিশালীকৈ বাংলাদেশ সীমান্ত নিৰ্মাণ কৰা নহ’ল সেই সন্দৰ্ভতো প্ৰশ্ন কৰে আছুৰ প্ৰতিনিধিয়ে।