জেহাদীৰে সম্পৰ্কৰ অভিযোগত পুনৰ দুজন লোকক আটক আৰক্ষীৰ…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সষ্টম হৈছে অসম আৰক্ষী।

জেহাদীৰে সম্পৰ্কৰ অভিযোগত পুনৰ আৰক্ষীয়ে আটক কৰিছে দুজনক।

মৰিগাঁৱত পুনৰ দুজন লোকক সোধা-পোচাৰ বাবে আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে।

আৰক্ষীয়ে মিলনপুৰৰ নুৰ মছজিদৰ পলাতক ইমাম আহমেদ আলী আৰু ভোৰাগাঁও ফলিহামাৰী পথাৰৰ জিয়াৰোল হক নামৰ লোক দুজনক আটক কৰিছে।

আটকাধীন আহমেদ আলী বিগত ২৯ জুলাইৰ পৰা পলাতক অৱস্থাত আছিল।

আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই পলাতক অৱস্থাত লোক দুজনক ভোৰাগাঁৱৰ বিশেষ স্থানৰ পৰা আটক কৰিছে।

উল্লেখ্য যে, নুৰ মছজিদৰ ইমাম আহমেদ আলী ধৃত জেহাদী মুফটি মুস্তাফা আৰু পলাতক আবু তাল্লাহৰ সৈতে সম্পৰ্ক আছিল বুলি আৰক্ষীয়ে জনাইছে।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি আহমেদ আলীয়ে আবু তাল্লাহক মিলনপুৰৰ এটা ভাড়া ঘৰত থকাৰ সুবিধা কৰি দিছিল।