অসম

‘জেহাদীয়ে ছিদ্দিক আহমেদক অসমৰ মুখপাত্ৰ কৰি দিছে নেকি?’- প্ৰশ্ন বিধায়ক দিগন্ত কলিতাৰ…

‘জেহাদীয়ে ছিদ্দিক আহমেদক অসমৰ মুখপাত্ৰ কৰি দিছে নেকি?’

এই প্ৰশ্ন উত্থাপন কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

উল্লেখ্য যে, অসমত জেহাদী বাদেই কোনো বাংলাদেশী নাই বুলি মন্তব্য কৰিছিল ছিদ্দিক আহমেদে।

ছিদ্দিক আহমেদে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি দিগন্ত কলিতাই কয়, ‘জেহাদীৰ লগত ছিদ্দিক আহমেদৰ সম্পৰ্ক আছে নেকি, যাৰ কাৰণে অসমত জেহাদী নাই বুলি কৈছে? জেহাদীয়ে ছিদ্দিক আহমেদহঁতক অসমৰ মুখপাত্ৰ কৰি দিছে  নেকি?’

কমলপুৰ সমষ্টিৰ ডোৰাকঁহৰাত অনুষ্ঠিত এক ফুটবল প্ৰতিযোগিতাত উপস্থিত থাকি এই মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই।

যদিহে অসমত জেহাদী নাই তেন্তে বঙাইগাঁৱত সেইজন জেহাদী কেনেকৈ ধৰা পৰিল বুলিও মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই।

ছিদ্দিক আহমেদ প্ৰকৃততে ভাৰতীয় হয়নে নহয় তাক লৈও সন্দেহ প্ৰকাশ কৰে দিগন্ত কলিতাই।

Related Articles

Back to top button