জেহাদীক আশ্ৰয় দিয়া মাদ্ৰাছাত পুনৰ চলিল প্ৰশাসনৰ বুলড’জাৰ, শিক্ষকৰ ৰূপত জেহাদী কাৰ্যকলাপ চলাইছিল মুফতি হাফিজুৰে

জেহাদীক আশ্ৰয় দিয়া মাদ্ৰাছাত চলিল বুলড’জাৰ।

এইবাৰ বঙাইগাঁৱৰ এখন মাদ্ৰাছা উচ্ছেদ কৰিলে প্ৰশাসনে।

যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ ও কাৰিয়ানা মাদ্ৰাছাখন উচ্ছেদ কৰিলে প্ৰশাসনে।

বঙাইগাঁও জিলা প্ৰশাসনৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছতে উচ্ছেদ চলোৱা হয় মাদ্ৰাছাখনত।

উল্লেখ্য যে, গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী মুফতি হাফিজুৰ ৰহমান আছিল মাদ্ৰাছাখনৰ শিক্ষক।

হাফিজুৰ ৰহমানে মাদ্ৰাছাখনত শিক্ষকৰ ৰূপত থাকি জেহাদী কাৰ্যকলাপ চলোৱাৰ অভিযোগ।

হাফিজুৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰশাসনে জাৰি কৰিছিল উচ্ছেদৰ জাননী।

৮খন এক্সেভেটৰ মাদ্ৰাছাখনত উচ্ছেদ চলাই প্ৰশাসনে।

উল্লেখ্য যে, নিশা মাদ্ৰাছাখনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ খালী কৰে ছাত্ৰাৱাস।

ইতিমধ্যে উক্ত মাদ্ৰাছাখনৰ ছাত্রসকল নিজ বাসগৃহলৈ উভতি গৈছে যদিও দুৰণিবটীয়া ১৩জন ছাত্র মাদ্ৰাছাখনৰ এটা স্থানত নিশাটো পাৰ কৰে।