
নিউজ ডেস্কঃ সুদীৰ্ঘ ডেৰ মাহৰ পিছত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল প্ৰতিভাভাৱ বক্সাৰ প্ৰণিতা চুতীয়া। ডিব্ৰুগড় জিলাৰ মৰাণৰ যুৱতীগৰাকীয়ে শুকুৰবাৰে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত মনৰ আনন্দ ব্যক্ত কৰে।
সাংবাদিকৰ সৈতে কথা পাতি প্ৰণিতাই কয়, ‘জে’ল বেয়া বস্তু নহয়। বহু কথা শিকিব পাৰিছো। বহু মানুহক লগ পাইছো।’
ইফালে সামাজিক মাধ্যমত আলফালৈ যাম বুলি তেওঁ কৰা মন্তব্য ভুলতে কৰা বুলি মন্তব্য কৰে প্ৰণিতা চুতীয়াই।
যুৱতীগৰাকীয়ে কয়, ‘মই বহুদিন আগতে কমেণ্ট কৰিছিলো। সেই সময়ত মই জনা নাছিলো এনে হ’ব বুলি।’
উল্লেখ্য যে, সামাজিক মাধ্যম ফেচবুকত আলফা স্বাধীনৰ সমৰ্থনত কৰা এটা কমেণ্টৰ বাবে ১৭ জুনত চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়াৰ কন্যা প্ৰণিতা বৰুৱাক।
ইয়াৰ পিছতে বিগত ডেৰমাহ ধৰি কাৰাবন্দী হৈ থকাৰ অন্তত অৱশেষত শুকুৰবাৰে চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে প্ৰতিভাৱান বক্সাৰগৰাকীক।
ইফালে কাৰাগাৰৰ পৰা মুক্তি লাভৰ পিছতে শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এখন ৰাজ্যিক প্ৰতিযোগিতাত অংশ ল’বলৈ মৰাণৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয় প্ৰণিতা। গুৱাহাটীত ৭ আগষ্টত অনুষ্ঠিত হ’ব তেওঁৰ খেলখন।