অসম
জে’লৰ পৰা ওলায়েই দুৰ্দান্ত আৰম্ভণি প্ৰণিতাৰ, আন্তঃজিলা চিনিয়ৰ উশ্বু প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত জয়লাভ…

জে’লৰ পৰা ওলায়েই দুৰ্দান্ত আৰম্ভণি প্ৰণিতা চুতীয়াৰ।
জে’লৰ পৰা ওলায়েই অংশলোৱা আন্তঃজিলা চিনিয়ৰ উশ্বু প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত জয় লাভ কৰিলে প্ৰণীতা চুতীয়াই।
কাৰাগাৰৰ পৰা ওলায়েই নেহৰু ষ্টেডিয়ামত ছিনিয়ৰ উশ্বু চেম্পিয়নছিপত অংশগ্ৰহণ কৰে প্ৰণিতাই।
এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচন কৰা হ’ব ৰাজ্যিক WUSHU দলটো।
উল্লেখ্য যে, ফেচবুকত আলফা(স্বাঃ)ৰ সম্পৰ্কত দিয়া এটা পোষ্টত আপত্তিজনক মন্তব্য কৰাৰ পিছতেই বিগত ডেৰ মাহে শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল প্ৰণিতা চুতীয়া৷
২০১৫ বৰ্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জড়িত প্ৰণিতাই ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷
প্ৰণিতাই সাংবাদিকৰ আগত কয়- জে’লত থাকি যে প্ৰথমখন খেলত জয়ী হৈছোঁ ভাল লাগিছে মোৰ।