জে’লৰ পৰা ওলায়েই পুনৰ মিঞা মিউজিয়াম স্থাপনৰ হুংকাৰ আব্দুল বাতেনৰ! ক’লে- এইবাৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা ফিটা কাটিম…

নিউজ ডেস্কঃ এইবাৰ মিঞা মিউজিয়াম স্থাপন কৰি ফিটা কটা হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা।

প্ৰায় ডেৰমাহ কাৰাগাৰৰ কুঠৰীত কটাই জামিন লাভ কৰিয়েই এই হুংকাৰ দিলে সদৌ অসম মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেইখে।

উল্লেখ্য যে, অক্টোবৰ মাহত গোৱালপাৰা জিলাৰ লক্ষীপুৰত সদৌ অসম-মিঞা পৰিষদে স্থাপন কৰিছিল এটা মিঞা মিউজিয়াম।

ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ।

প্ৰশাসনে পৰৱৰ্তী সময়ত মিঞা মিউজিয়ামটো ছীল কৰি অল কায়দাৰে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল মিঞা পৰিষদৰ সভাপতি মহৰ আলী আৰু উপ-সভাপতি আব্দুল বাতেনক।

তাৰ পিছতে সুদীৰ্ঘ ৪৭ দিন নলবাৰী জিলা কাৰাগাৰত কাৰাবন্দী হৈ থাকিল আব্দুল বাতেন।

কিন্তু ১২ ডিচেম্বৰত জামিনত মুকলি আকাশৰ তললৈ আহি স্বগৃহত উপস্থিত হৈয়ে পুনৰ ৰাজ্যত মিঞা মিউজিয়াম স্থাপন কৰাৰ হুংকাৰ দিলে আব্দুল বাতেনে।

এইবাৰ পূৰ্বৰ তুলনাত ডাঙৰকৈ মিঞা মিউজিয়াম স্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ দ্বাৰা ফিটা কটাৰো হুংকাৰ দিলে বাতেনে।