fbpx
অসমীয়াৰাষ্ট্ৰীয়

জুৱাৰ ঋণ পৰিশোধৰ বাবে কলেজ এৰি কাম কৰিবলৈ লৈছিল ৰেষ্টুৰেণ্টত! শেহতীয়াকৈ জুৱাত পুনৰ লক্ষাধিক টকা হেৰুৱাই চৰম সিদ্ধান্ত এজন যুৱকৰ…

নিউজ ডেস্কঃ জুৱা খেলৰ আসক্তিয়ে জীৱনেই শেষ কৰি পেলালে এজন চফল যুৱকৰ!

জুৱাৰ আসক্তিৰ বাবেই কিছুদিন পূৰ্বে কলেজীয়া শিক্ষা এৰি জুৱাৰ ঋণ পৰিশোধৰ বাবে ৰেষ্টুৰেণ্টত কাম কৰিবলৈ বাধ্য হৈছিল যুৱকজনে।

কিন্তু তাৰ পিছতো দূৰ নহ’ল জুৱাৰ আসক্তি! যাৰ বাবে অনলাইন জুৱাত বৃহৎ পৰিমাণৰ ধন হেৰুৱাই অৱশেষত আত্মহত্যাৰ পথ বাচি ল’লে যুৱকজনে।

এই ঘটনা সংঘটিত হৈছে তামিলনাডুৰ মাদুৰাইৰ সাথামংগলামত।

জানিব পৰা মতে, চেলেম জিলাৰ আৰিচিপালায়মৰ নিৱাসী ২৬ বছৰীয়া গুণসীলানে জুৱা খেলিবলৈ লোৱা ঋণ পৰিশোধ কৰিবলৈ কলেজীয়া শিক্ষা এৰি মাদুৰাইৰ এখন ৰেষ্টুৰেণ্টত কাম কৰিবলৈ আৰম্ভ কৰিছিল।

স্নাতকৰ তৃতীয় বৰ্ষত অধ্যয়নৰত সময়ত অনলাইন জুৱাৰ লগত জড়িত হৈ কলেজৰ ছেমিষ্টাৰৰ মাচুল পৰ্যন্ত জুৱাত হাৰিছিল গুণসীলানে।

তাৰ পিছতে ঋণ পৰিশোধৰ বাবে মাদুৰাইৰ নিউ মাছ নামৰ ৰেষ্টুৰেণ্ট এখনত কৰ্মচাৰী হিচাপে কাম কৰিবলৈ লৈছিল যুৱকজনে।

কিন্তু তাৰ পিছতো জুৱাৰ নিচা এৰিব নোৱাৰা গুণসীলানে শেহতীয়াকৈ অনলাইন জুৱাত পুনৰ হেৰুৱায় ২ লাখ টকা।

তাৰ পিছতে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা যুৱকজনে সাথামংগলমৰ ভাড়াঘৰত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!