জুৱাৰীক উৎকােচ লৈ এৰি দিয়াৰ অভিযােগত আটক হ’ল এজন ASI

June 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ দুৰ্নীতিৰ অভিযােগত আটক হ’ল এজন আৰক্ষী বিষয়া।

এই ঘটনাক লৈ তীব্ৰ জােকাৰণি নগাঁও আৰক্ষীত।

আটক হ’ল চামগুৰি থানাৰ ASI গিয়াছুদ্দিন আহমেদ।

জুৱাৰীৰ পৰা উৎকোচলৈ মুকলি কৰি দিয়াৰ অভিযােগ আটক কৰা হৈছে আৰক্ষী বিষয়াজনক।

অভিযােগ অনুসৰি, ১৮ হাজাৰ টকা লৈ জুৱাৰীক এৰি দিছিল বিষয়াজনে।

উৎকোচ দাবী কৰা এটা অডিঅ’ ক্লিপৰ ভিত্তিত সোধাপোচাৰ বাবে আটক কৰা হ’ল ASI গিয়াছুদ্দিন আহমেদক।

তদন্তৰ খাতিৰতে ASI গিয়াছুদ্দিন আহমেদক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।

নগাঁৱৰ উপ আৰক্ষী অধীক্ষক (সদৰ)ৰ নেতৃত্বত চলিছিল এই অভিযান।