জীৱশ্ৰেষ্ঠৰ নৃশংসতা! মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী বাঘ…

জীৱশ্ৰেষ্ঠৰ নৃশংস কাণ্ড

মৰিয়াই মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী বাঘ।

বোকাখাট সমষ্টিৰ দুসুতিমুখত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে দুসুঁতীমুখৰ চেঙেলি সুঁতি থানৰ ওচৰত শনিবাৰে বিয়লী এটা নাহৰফুটুকী বাঘে তিনিগৰাকী ব্যক্তিক আক্ৰমণ কৰিছিল।

এই ঘটনাত তিনিজন লোক ক্ৰমে বিতোপন দলে (১৫),ললিত দলে (৪৫) আৰু মলয় মেদক(২০) গুৰুতৰ ভাৱে আহত হৈছিল।

বৰ্তমানত তিনিওজন লোক চিকিৎসাধিন অৱস্থাত আছে।

টনাৰ পাছতেই উত্তেজিত গাঁওবাসীয়ে নাহৰফুটুকিটোক বিছাৰি উলিয়াই মৰিয়াই মৰিয়াই হত্যা কৰে।

হত্যা কৰাৰ পিছত বাঘটোৰ মৃতদেহ দেৰগাওঁ আৰক্ষী আৰু বনবিভাগে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।

বৰ্তমান মৃত নাহফুটুকীটো পানবাৰীস্থিত CWRC ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বন বিভাগে ।