
নিউজ ডেস্কঃ মৃত্যুৰ পিছত যেন পূৰ্ণ ৰূপ পালে এহাল যুৱক-যুৱতীৰ ভালপোৱাই!
জীয়াই থকা কালত পৰিয়ালে অস্বীকাৰ কৰা দুয়োৰে সম্পৰ্কটোৱে মৃত্যুৰ পিছত লাভ কৰিবলৈ সক্ষম হ’ল পৰিয়ালৰ সমৰ্থন।
যাৰ বাবে মৃত প্ৰেমিক-প্ৰেমিকাহালৰ প্ৰতিমূৰ্তিকে বিয়া পাতি দি দুয়োৰে সম্পৰ্কক মান্যতা প্ৰদান কৰে পৰিয়ালে।
এনে এক আবেগবিহ্বল ঘটনা সংঘটিত হৈছে গুজৰাটৰ টাপিত।

জানিব পৰা মতে, টাপিৰ নেৱালা গাঁৱৰ নিৱাসী গণেশ নামৰ যুৱকজনৰ প্ৰেমৰ সম্পৰ্ক আছিল একেখন গাঁৱৰে ৰঞ্জনা নামৰ যুৱতীগৰাকীৰ সৈতে।
দীৰ্ঘদিনীয়া তেওঁলোকৰ এই সম্পৰ্কক বিবাহৰ ৰূপ দিব বিচাৰিছিল প্ৰেমিক-প্ৰেমিকাহালে।
সেই অনুসৰিয়েই ২০২২ চনৰ আগষ্ট মাহত গণেশে ৰঞ্জনাক পত্নীৰ মৰ্যাদা প্ৰদান কৰি ঘৰলৈ লৈ আনে।
কিন্তু দুয়োৰে এই প্ৰেম অথবা বিবাহত কোনোপধ্যেই মান্তি হোৱা নাছিল গণেশ কিম্বা ৰঞ্জনাৰ পৰিয়াল।
যাৰ বাবে পিছত দুয়োজনে সাৱটা সাৱটিকৈ একেলগে চিপ লৈ আত্মহত্যাৰ দৰে পথ বাচি ল’বলৈ বাধ্য হয়।
প্ৰেমিক যুটিটোৰ আত্মহত্যাৰ পিছতে যেন নিজৰ ভুল উপলব্ধি কৰে দুয়োৰে পৰিয়ালে।

যাৰ বাবে ৰঞ্জনা আৰু গণেশৰ আত্মাৰ শান্তিৰ বাবে তেওঁলোকৰ মৃত্যুৰ ৬ পিছত প্ৰতীকিভাৱে বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত লয় পৰিয়ালে।
সিদ্ধান্ত অনুসৰিয়েই দুয়োটা পৰিয়ালে গণেশ আৰু ৰঞ্জনাৰ পুত্তলিকা নিৰ্মাণ কৰি জনজাতীয় পৰম্পৰা অনুসৰি সম্পন্ন কৰে দুয়োৰে বিবাহ।
দুয়োৰে আত্মীয়ই গণেশ-ৰঞ্জনাৰ বিবাহৰ সকলো বৈদিক ৰীতি-নীতিও সম্পন্ন কৰে।
জীৱিত অৱস্থাত যিহাল প্ৰেমিক যুটীক একলগ হোৱাত পৰিয়াল হেঙাৰ হৈ ঠিয় দিছিল, মৃত্যুৰ পিছত সেই পৰিয়ালেই দুয়োজনৰ পুত্তলিকাৰ বিয়া পাতি দিয়াৰ ঘটনাই এতিয়া আবেগিক কৰি তুলিছে সকলোকে।