
নিউজ ডেস্কঃ ৩০ জানুৱাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল ৫০ বছৰীয়া বিজেন্দ্ৰ শৰ্মা।
লগে লগে তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও দুৰ্ঘটনাৰ পিছদিনা অৰ্থাৎ ৩১ জানুৱাৰীত ব্যক্তিজনক ‘ব্ৰেইন ডেড’ ঘোষণা কৰে চিকিৎসকে।
এতিয়া মৃত্যুৰ পিছতো ৪ জন ৰোগীক নতুন জীৱন দিবলৈ সক্ষম হ’ল বিজেন্দ্ৰ শৰ্মাই।
ব্যক্তিজনৰ পৰিয়ালে গ্ৰহণ কৰা মহৎ সিদ্ধান্তই জীৱন বচালে চিকিৎসাধীন হৈ থকা ৪ জন ৰোগীৰ।
ইতিমধ্যে বিজেন্দ্ৰ শৰ্মাৰ হৃদযন্ত্ৰ নয়ডাৰ এজন ৰোগীৰ দেহত সুকলমে সংৰোপণ কৰা হৈছে।
একদৰে আন ৩ জন ৰোগীৰ দেহত সংৰোপন কৰা হৈছে তেওঁৰ দেহৰ যকৃত আৰু বৃক্ক।
মৃত্যুৰ পিছতো আনক জীৱন দি যোৱা বিজেন্দ্ৰ শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সিদ্ধান্তৰ প্ৰশংসা কৰিছে সকলোৱে।
উল্লেখ্য যে, দিল্লীৰ নিৱাসী বিজেন্দ্ৰ শৰ্মা পেছাত এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ আছিল।
৩০ জানুৱাৰীত তেওঁ বাইক লৈ কৰ্মস্থলীলৈ গৈ থকা সময়তে তীব্ৰবেগী বাহনে মহটিয়াই নিছিল বিজেন্দ্ৰক। যাৰ ফলত তেওঁ গুুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।