fbpx
ৰাষ্ট্ৰীয়

জিলাৰ নাম সলোৱাক লৈ উত্তপ্ত পৰিস্থিতি, জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ, আৰক্ষী-বিদ্যালয়ৰ বাহনতো অগ্নিসংযোগ

জিলাৰ নাম সলোৱাক লৈ উত্তপ্ত পৰিস্থিতি।

অন্ধ্ৰ প্ৰদেশৰ কোনাসীমা জিলাৰ নাম সলনিক লৈ হোৱা প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰীয়ে বিধায়ক পোননাডা সতীশৰ ঘৰত অগ্নিসংযোগ কৰে।

প্ৰতিবাদকাৰীসকলে জিলাখনক ডাঃ বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামকৰণৰ বিৰোধিতা কৰি সমগ্ৰ জিলাখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখ্য যে নতুনকৈ গঠন হোৱা কোনাসীমা জিলাক বি আৰ আম্বেদকাৰ কোনচসীমা জিলা হিচাপে নামকৰণ কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে অসংখ্য লোকে প্ৰতিবাদ কৰি আছিল।

Ar8svfOI?format=jpg&name=small

উত্তেজিত প্ৰতিবাদকাৰীসকলে পৰিবহণ মন্ত্ৰী পিনিপে বিশ্বৰূপুৰ ঘৰতো আক্ৰমণ কৰি ভাঙি-ছিঙি সা-সম্পত্তি লণ্ড-ভণ্ড কৰে।

অৱশ্যে আৰক্ষীয়ে মন্ত্ৰী আৰু তেওঁৰ পৰিয়ালক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আন ঠাইলৈ স্থানান্তৰিত কৰে।

ইয়াৰ পূৰ্বে শাসকীয় ৱাই এছ আৰ কংগ্ৰেছৰ বিধায়ক পোন্নাদা সতীশৰ ঘৰতো কোনাসীমা জিলাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল।

প্ৰতিবাদকাৰীসকলে এখন আৰক্ষীৰ বাহন আৰু এখন শিক্ষা প্ৰতিষ্ঠানৰ বাছতো জুই লগাই দিছিল। প্ৰতিবাদকাৰীসকলৰ দ্বাৰা শিল নিক্ষেপত কেইবাজনো আৰক্ষী আহত হয়।

উল্লেখ্য যে, মঙলবাৰে কোনাসীমা জিলাখনৰ বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামকৰণৰ প্ৰস্তাৱৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰত প্ৰতিবাদ কৰি থকা লোকসকলৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ পিছতে অগ্নিকাণ্ড সংঘটিত হয়।

ইয়াৰ পিছতে অমলাপুৰম চহৰত ১৪৪ ধাৰা জাৰি কৰা হয়। হিংসাত্মক কাণ্ডৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ ফলত ২০ জনতকৈ অধিক আৰক্ষী জোৱান আহত হৈছে।

যোৱা ৪ এপ্ৰিলত কোনাসীমাক পূব গোদাৱৰী জিলাৰ পৰা পৃথক কৰি নতুন জিলা গঠন কৰা হৈছিল।

যোৱা সপ্তাহত ৰাজ্য চৰকাৰে এক জাননী জাৰি কৰি কোনাসীমা জিলাক বি আৰ আম্বেদকাৰ কোনাসীমা জিলা বুলি নামাকৰণ কৰাৰ পিছৰে পৰা জনসাধাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছে।

Image

ইপিনে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ গৃহমন্ত্ৰী তানেতি ভানিতাই অভিযোগ কৰি কয় যে, কিছুমান ৰাজনৈতিক দল আৰু অসামাজিক উপাদানে অগ্নিসংযোগৰ বাবে উচটনি দিছিল। এইটো দুৰ্ভাগ্যজনক যে ঘটনাটোত প্ৰায় ২০ জন আৰক্ষী কৰ্মী আহত হৈছিল। আমি বিষয়টো তদন্ত কৰিম আৰু অপৰাধীসকলক ন্যায়ৰ অধীনলৈ আনিম।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!