জিমৰ গোপন কক্ষলৈ মাতি নি মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ জিম স্বত্বাধিকাৰ ৰাজু বৰুৱা…

নিউজ ডেস্কঃ জিমৰ ভিতৰৰ গোপন কক্ষলৈ মাতি নি মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ জিমৰ মালিকৰ বিৰুদ্ধে।

যোৱা ১০ ফেব্ৰুৱাৰীত এগৰাকী ১৯ বৰ্ষীয় যুৱতীয়ে এই অভিযোগ উত্থাপন কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে মেঘালয়ৰ শ্বিলঙৰ থানা ৰোডত থকা মাছল ব্লাষ্টাৰ জিমৰ স্বত্বাধিকাৰ ৰাজু বৰুৱাক।

যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰা মতে, তেওঁৰ শৰীৰত জমা হোৱা চৰ্বি হ্ৰাস কৰিবলৈ তেল মালিচৰ প্ৰয়োজন বুলি ৰাজু বৰুৱাই তেওঁক জিমৰ ভিতৰত থকা গোপন কক্ষলৈ মাতি লৈ যায়।

তাত মহিলা কৰ্মচাৰীগৰাকীয়ে মাচাজ কৰাবলৈ অস্বীকাৰ কৰাত অভিযুক্ত ৰাজু বৰুৱাই জোৰ কৰি তেওঁৰ ওপৰত আক্ৰমণ চলায়।

কিন্তু সেই সময়ত কোনোমতে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যুৱতীগৰাকীয়ে।

ইফালে এই ঘটনাৰ পিছত যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চপাত ৰাজু বৰুৱাৰ পত্নীয়ে তেওঁক এজাহাৰ উঠাই ল’বলৈ হেঁচা প্ৰয়োগ কৰা বুলিও অভিযোগ কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে।

তেওঁ কয়, ‘জিমৰ মালিকৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হোৱা একমাত্ৰ ময়েই নহয়, আন বহু যুৱতী এনে কাণ্ডৰ ভুক্তভোগী। সেয়ে মই আপোচ কৰিব নিবিচাৰো।’

যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ সৈতে সংঘটিত এই ঘটনাৰ মাত্ৰ ৩ দিন পূৰ্বে তেওঁ জিমত যোগদান কৰিছিল।

ভুক্তভোগী যুৱতীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি একেদিনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰাজু বৰুৱাক।

উল্লেখ্য যে, ৰাজু বৰুৱাৰ কুকাণ্ড এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১২ চনত বেশ্যাবৃত্তিৰ ৰেকেটত জড়িত থকাৰ অভিযোগত মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজু বৰুৱাক।

ৰাজু বৰুৱা মালিকানাধীন গেলেক্সি হোটেলত আৰক্ষীয়ে অভিযান চলাই অসৎ কাৰ্যৰে জড়িত ৭ গৰাকী মহিলা আৰু ৩ জন পুৰুষকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।