
নিউজ ডেস্ক। সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ অকাল বিয়ােগ।
জানিব পৰা মতে, মুম্বাইৰ এখন জিমত ব্যায়াম কৰাৰ সময়তে ৪৬ বছৰীয়া অভিনেতাজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে।
তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাত অভিনেতাজনে শেষ নিস্বাস ত্যাগ কৰে।

উল্লেখ্য যে সিদ্ধান্ত বহুতো টিভি অনুষ্ঠান যেনে টিভি অনুষ্ঠান কুসুম, কচৌটি জিন্দেগী কি, কৃষ্ণ-অৰ্জুন, জমিন চে আচমান তক, ক্যা দিল মে হ্য, গৃহস্থী আদিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

তেওঁক শেষবাৰৰ বাবে জিদ্দি দিল মানে না টিভি অনুষ্ঠানত দেখা গৈছিল।
অভিনেতাজনে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নিয়মৰ জিম ৱৰ্কআউট ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলকাে ব্যায়াম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
উল্লেখ্য যে সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ জন্ম ১৯৭৫ চনৰ ১৫ ডিচেম্বৰত মুম্বাইত হৈছিল।
মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা সিদ্ধান্তই ধাৰাবাহিক ‘কুসুম’ৰ জৰিয়তে সৰুপৰ্দাত আত্মপ্ৰকাশ কৰিছিল।
তেওঁৰ অকাল বিয়ােগৰ খবৰে অভিনয় জগতৰ লগতে তেওঁৰ শুভাকাংক্ষীৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা, কমেডিয়ান ৰাজু শ্ৰীবাস্তৱ, দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ পুনীতকে ধৰি কেবাজনাে অভিনেতাৰ জিমত ব্যায়াম কৰাৰ সময়ত হাৰ্ট এটেকৰ ফলত মৃত্যু ঘটিছিল।
লগতে চাওকঃ
কৰ্তব্যস্থলীলৈ যােৱাৰ পথত দুৰ্ঘটনাত মৃত্যু স্কুটী আৰােহী শিক্ষয়িত্ৰীৰ, ফেব্ৰুৱাৰীত ঠিক হৈছিল বিয়া
