
নিউজ ডেস্ক। জিভা পিছলিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদ্বীপ সুৰজেৱালাৰ। দ্ৰৌপদীৰ ঠাইত সীতাৰ নাম লৈ এতিয়া বিজেপিৰ ৰোষত পৰিছে কংগ্ৰেছ নেতাগৰাকী।
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজ্যবৰ্ধন সিং ৰাঠৌৰে সুৰজেৱালাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ভগৱান ৰামচন্দ্ৰৰ পত্নী দেৱী সীতাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে।
সুৰজেৱালাই উদয়পুৰত এক অনুষ্ঠানত মহাভাৰতৰ বস্ত্ৰহৰণৰ পৰিপ্ৰেক্ষিতত দ্ৰৌপদীৰ ঠাইত দেৱী সীতাৰ নাম লোৱাক লৈ তেওঁৰ বিৰুদ্ধে এই অভিযোগ তোলে বিজেপিয়ে।

টুইটাৰত বিজেপি নেতা ৰাজ্যবৰ্ধন সিঙে প্ৰশ্ন কৰে যে কংগ্ৰেছে হিন্দুসকলক কিয় ইমান বেয়া পায়?
টুইটত তেওঁ লিখিছে, “কংগ্ৰেছে হিন্দুসকলক কিয় ইমান বেয়া পায়? নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ মন্দিৰে মন্দিৰে ভ্ৰমণ কৰা ৰাহুল গান্ধীয়ে হিন্দুত্বৰ দৰে এটা পৱিত্ৰ শব্দৰ দ্বাৰা বিৰক্ত হয়। তেওঁৰ দলে ভগৱান ৰামক অপমান কৰি আহিছে। আজি পুনৰ কংগ্ৰেছে মাতা সীতাৰ ওপৰত অপমানজনক মন্তব্য কৰি হিন্দুসকলৰ বিশ্বাসত আঘাত হানিছে।”
Randeep Surjewala : “सीता मैया” का हुआ था चीरहरण”
— Shehzad Jai Hind (@Shehzad_Ind) June 9, 2022
Even as a Muslim I know that Cheer Haran was not of Maa Sita but Draupadi! But then Congress denied existence of Shri Ram!
You can wear Janeu on the coat but what is inside you will always come out! #MannMeinRomeNotRam pic.twitter.com/pwBbwTAi7f
উল্লেখ্য যে, ৰাজস্থানত ১০ জুনত অনুষ্ঠিত হোৱা ৰাজ্যসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ তিনিজন প্ৰাৰ্থীৰ ভিতৰত সুৰজেৱালা অন্যতম।
নিৰ্বাচনৰ প্ৰকক্ষণত ৰণদ্বীপ সুৰজেৱালাই বিজেপিৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত কৈছিল, “সংখ্যাগৰিষ্ঠতা জিকিব, গণতন্ত্ৰ জিকিব, সংবিধান জিকিব, আইন জিকিব, নৈতিকতা জিকিব। ঠিক যেনেদৰে সীতা মাতাৰ বস্ত্ৰহৰণ হৈছিল, বিজেপিয়েও গণতন্ত্ৰ বস্ত্ৰহৰণ কৰিব বিচাৰে।”
कांग्रेस को हिंदुओं से इतनी घृणा क्यों है?
— RajyavardhanRathore (@Ra_THORe) June 9, 2022
मंदिर-मंदिर घूमकर चुनावी पर्यटन करने वाले राहुल गाँधी वैसे भी हिंदुत्व जैसे पवित्र शब्द से चिढ़ते हैं। उनकी पार्टी भगवान राम का अपमान करती रहती है।
आज फिर कांग्रेस ने माता सीता पर अभद्र टिप्पणी कर हिन्दुओं की आस्था को चोटिल किया है। pic.twitter.com/jMweeXUbSE
সুৰজেৱালাই দ্ৰৌপদীৰ বস্ত্ৰহৰণ বুলি কোৱাৰ পৰিৱৰ্তে ভগৱান ৰামৰ পত্নী সীতাৰ নাম উল্লেখ কৰাক লৈয়ে এতিয়া সৰৱ হৈ পৰিছে বিজেপি।
লগতে চাওকঃ
নাই দৰা, নাই পুৰোহিত! অৱশেষত সম্পন্ন হ’ল ক্ষমা বিন্দুৰ বহু চৰ্চিত বিবাহখন
