জােনমণি-ৰাণা পগাগে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা বিলাসী বাহন জব্দ আৰক্ষীৰ, বেংক একাউন্ট পৰীক্ষা

নিউজ ডেস্কঃ প্ৰৱঞ্চক ভাৱীস্বামীক গ্ৰেপ্তাৰৰ পিছত নিজেও প্ৰৱঞ্চনাৰ অভিযোগত সাঙোৰ খাই পৰা এছআই জোনমণি ৰাভাক লৈ এতিয়াও চৰ্চা অব্যাহত আছে।

ইফালে জোনমণি ৰাভাৰ ভাৱীস্বামী ৰানা পগাগক ৫ দিনৰ নিজৰ জিম্মাত লৈ মাৰাথান জেৰা অব্যাহত ৰাখিছে মাজুলী আৰক্ষীয়ে।

বৃহস্পতিবাৰে নিশাও বহু দেৰিলৈকে গড়মূৰ আৰক্ষী থানাত আৰক্ষীয়ে জেৰা চলায় প্ৰৱঞ্চক ৰানা পগাগক।

photo1653033640
জােনমণি-ৰাণা পগাগে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা বিলাসী বাহন জব্দ আৰক্ষীৰ, বেংক একাউন্ট পৰীক্ষা 5

ইফালে ৰানা পগাগে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা এএছ ২৯ ০০০৩ নম্বৰৰ এখন ইন’ভা বাহনো জব্দ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, ৰঞ্জন কুটুম নামৰ এজন ব্যৱসায়ীৰ পৰা ২৫ লাখ টকা লৈ ৰানা পগাগে ক্ৰয় কৰিছিল ইন’ভা বাহনখন।

photo1653033605
জােনমণি-ৰাণা পগাগে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা বিলাসী বাহন জব্দ আৰক্ষীৰ, বেংক একাউন্ট পৰীক্ষা 6

কিন্তু পৰৱৰ্তী সময়ত ৰঞ্জন কুটুমক ধন উভতাই দিব নোৱাৰাত গাড়ীখন তেওঁক চমজাই দিয়ে প্ৰৱঞ্চক ৰানা পগাগে।

ৰঞ্জন কুটুমে শুকুৰবাৰে ইন’ভা বাহনখন গড়মুৰ আৰক্ষী থানাত চমজাই দিয়াৰ পিছতে আৰক্ষীয়ে গাড়ীখন জব্দ কৰে।

photo1652258283
জােনমণি-ৰাণা পগাগে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা বিলাসী বাহন জব্দ আৰক্ষীৰ, বেংক একাউন্ট পৰীক্ষা 7

আনহাতে আৰক্ষীয়ে এছআই জোনমণি ৰাভাৰ বেংক একাউণ্টো চেক কৰা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে।

উল্লেখ্য যে, ভাৱীস্বামী ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছিল এছআই জোনমণি ৰাভাৰ বিৰুদ্ধে।

এই অভিযোগৰ পিছতে তেওঁক নগাঁৱৰ পৰা তাৎক্ষণিকভাৱে বদলি কৰা হৈছিল।

লগতে চাওকঃ

উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা, মধ্যভােগী কৰ্মচাৰী

विजिलेंस
জােনমণি-ৰাণা পগাগে প্ৰৱঞ্চনাৰ ধনেৰে ক্ৰয় কৰা বিলাসী বাহন জব্দ আৰক্ষীৰ, বেংক একাউন্ট পৰীক্ষা 8

Leave a Comment