জাষ্ট খালী আঙুঠিহে পিন্ধাইছো, বিয়া মাৰ্চত পাতিমঃ বিয়াৰ চৰ্চাক লৈ আৰু কি ক’লে শুকুৰ আলীয়ে…

নিউজ ডেস্কঃ শুকুৰ আলীয়ে বিয়া পাতিছে! মঙলবাৰে গোটেই দিনটো এই চৰ্চা চলিছে সামাজিক মাধ্যমত। বহু সংবাদ প্ৰতিষ্ঠানেও বিশেষ গুৰুত্ব দি পৰিৱেশন কৰিছে শুকুৰ আলীৰ বিয়াৰ খবৰ। দৰাৰ সাজত ভাইৰেল হৈ পৰিছে শুকুৰ আলীৰ ফটো। কাষত সাজি কাচি ন কইনাও।

image 11
জাষ্ট খালী আঙুঠিহে পিন্ধাইছো, বিয়া মাৰ্চত পাতিমঃ বিয়াৰ চৰ্চাক লৈ আৰু কি ক’লে শুকুৰ আলীয়ে… 2

কোকৰাঝাৰ জিলাৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱৰ ছফিক মিঞাৰ কন্যা সমিনা খাতুন হেনো শুকুৰৰ কইনাৰ নাম। সামাজিক মাধ্যমত শুকুৰৰ বিয়াৰ খবৰ শুনি বহুতে আনন্দ ব্যক্ত কৰিছে। আন বহুতে আকৌ আক্ষেপ কৰিছে- শুকুৰৰো বিয়াখন হৈ গ’ল। কিন্তু মোৰ নহ’ল!

বহুতেই আকৌ অভিমানেই কৰিলে- বিয়ালৈ কিয় নামাতিলে শুকুৰ ভাই…!

সামাজিক মাধ্যমৰ চৰ্চা, সংবাদ মাধ্যমৰ বাতৰিৰ পিছত মনে মনে থাকিব নোৱাৰিলে শুকুৰ আলীয়ে। এটা ভিডিঅ’ যোগে অৱশেষত নিজৰ বিয়াখনক লৈ চলা চৰ্চা সন্দৰ্ভত স্পষ্টীকৰণ দিলে শুকুৰ আলীয়ে।

ভিডিঅ’টোত শুকুৰ আলীয়ে কৈছে, ‘.. কথাটো হয়। পিছে মই বিয়া কৰোৱা নাই। জাষ্ট খালী আঙুঠি পিন্ধাই থৈছো। মাৰ্চত হে বিয়া পাতিম.. তেতিয়া সকলোকে মাতিম। কোনেও চিন্তা কৰিব নালাগে।’

শুকুৰে জনোৱা মতে, এতিয়া কেৱল আঙুঠি পিন্ধোৱা পৰ্বহে সম্পন্ন হৈছে। কইনাৰ ঘৰৰ মানুহে এতিয়াই বিয়া দিব নোৱাৰে। শুকুৰৰ হ’বলগীয়া কইনাই এইবাৰ স্নাতকৰ পৰীক্ষা দিব। তাৰ পিছতহে মাৰ্চ মাহত সম্পন্ন হ’ব তেওঁলোকৰ বিয়াখন।’

ছ’চিয়েল মিডিয়াৰ চৰ্চিত ব্যক্তি শুকুৰ আলীৰ বিবাহক লৈ চলা চৰ্চাৰ মাজতে শুকুৰ আলীয়ে দিয়া এই ভিডিঅ’ স্পষ্টীকৰণে পুনৰ এবাৰ চৰ্চা লাভ কৰিছে।