আন্তঃৰাষ্ট্ৰীয়অসমীয়া

জালিয়ানৱালা বাগৰ প্ৰতিশোধ ল’বলৈ ৰাণী এলিজাবেথক হত্যা পৰিকল্পনা, মহলত প্ৰৱেশ কৰা কিশােৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ক হত্যাৰ ভাবুকি দিয়া এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। স্কটলেণ্ড য়াৰ্ডে ইতিমধ্যে ভিডিঅ’টো সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে পোহৰলৈ অহা ভিডিঅ’টোত এজন মুখাপিন্ধা লোকে নিজকে ভাৰতীয় শিখ সম্প্ৰদায়ৰ বুলি পৰিচয় দি জালিয়ানৱালা বাগ গণহত্যাৰ প্ৰতিশোধ স্বৰূপে ৰাণী এলিজাবেথ দ্বিতীয়ক হত্যাৰ ভাবুকি প্ৰদান কৰে।

FHo-XEUn-XMAAIq-BE

আনহাতে, যোৱা ২৫ ডিচেম্বৰত উইণ্ডছৰ প্ৰাসাদত অনাধিকাৰ প্ৰৱেশৰ চেষ্টা চলোৱা এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছিল নিৰপত্তাৰক্ষীয়ে।

কিশোৰজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত উইণ্ডছৰ প্ৰাসাদত পৰিয়ালৰ সৈতে খ্ৰীষ্টমাছ উদযাপন কৰি আছিল ৰাণী এলিজাবেথে।

ইফালে কিশোৰজনক গ্ৰেপ্তাৰ কৰাৰ ঠিক পিছতে পোহৰলৈ আহে ৰাণীক হত্যাৰ ভাবুকি প্ৰদান কৰা ভিডিঅ’টো।

‘দ্য চান’ কাকতৰ মতে, ভিডিঅ’টো স্নেপচ্যাটত শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টোত এজন মুখাপিন্ধা ব্যক্তিয়ে নিজকে ভাৰতীয় শিখ যশৱন্ত সিং চাইল বুলি পৰিচয় দিয়া দেখা গৈছে। ভিডিঅ’টোত মুখাধাৰী ব্যক্তিজনে কয়, “মই দুখী, মই কি কৰিছো আৰু কি কৰিম তাক লৈ মই দুখিত। মই ৰাজকীয় সকলৰ ৰাণী এলিজাবেথক হত্যা কৰিবলৈ চেষ্টা কৰিম। এয়া ১৯১৯ চনৰ জালিয়ানৱালা বাগ গণহত্যাত নিহত সকলৰ প্ৰতিশোধ। “

FHT37vz-Xw-AMJzj-D

ভিডিঅ’টোত ব্যক্তিজনে পুনৰ কয়, “এয়া সেইসকলৰ বাবেও প্ৰতিশোধ হব, যিয়ে নিজৰ প্ৰজন্ম ৰক্ষা কৰিবলৈ গৈ অপমানিত হৈছিল, বৈষম্যৰ সন্মুখীন হৈছিল। মই এজন ভাৰতীয় শিখ। মোৰ নাম আছিল যশৱন্ত সিং চাইল, মোৰ নাম ডাৰ্থ জোনছ। ”

ইফালে মেট্ৰ’পলিটান আৰক্ষীয়ে সদৰী কৰা মতে, খ্ৰীষ্টমাছৰ দিনা ৰাণীৰ উইণ্ডছৰ প্ৰাসাদত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই গ্ৰেপ্তাৰ হোৱা ১৯ বছৰীয়া কিশোৰ জনৰ মানসিক স্বাস্থ্য আইনৰ অধীনত মানসিক অৱস্থা মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে কিশোৰ জনৰ সৈতে এই ভিডিঅ’টোৰ কিবা সম্পৰ্ক আছে নেকি সেয়াও তদন্ত চলাই থকা হৈছে।

উল্লেখ্য যে, ১৯১৯ চনত বৈশাখী উৎসৱৰ সময়ত অমৃতসৰৰ জালিয়ানৱালা বাগত গণহত্যা সংঘটিত হৈছিল। জালিয়ানৱালা বাগত, ৰ’লাট আইনৰ বিৰুদ্ধে সভাত মিলিত হোৱা হাজাৰ হাজাৰ লোকৰ ওপৰত জেনেৰেল ডায়েৰে গুলীচালনা কৰাৰ ফলত বৃহৎ সংখ্যক লোক নিহত হৈছিল।

লগতে চাওকঃ

যেন ছবিৰ কাহিনী! প্ৰেমিকৰ হাতত নিজ পত্নীক গতাই দিলে ‘হৃদয়বান’ স্বামীয়ে

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button