অসম
জামিন লাভ কৰিলে পংকজ পাঠকে…

জামিন লাভ কৰিলে পংকজ পাঠকে।
হাতিগাঁও থানাৰ পৰাই জামিন লাভ কৰে পংকজ পাঠকে।
পুনৰ বিৰূপ মন্তব্য কৰিলে বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ইপিনে ৰুজু হৈ থকা গোচৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিব আৰক্ষীয়ে।
বুধবাৰে নিশা বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল পংকজ পাঠক।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক।
বুধবাৰে দিনৰ ভাগত বৰপেটা চহৰৰ মুছলিমপট্টিৰ জনৈক মৃদুলৰ ঘৰত আশ্ৰয় লৈ আছিল পংকজ পাঠকে৷ কালঝাৰৰ এজন লোকৰ ঘৰত পংকজ পাঠকে নিশাটো কটোৱাৰ পৰিকল্পনা কৰিছিল।
অৱশেষত মৃদুল নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে পংকজ পাঠকক গ্ৰেপ্তাৰ কৰে৷
বৃহস্পতিবাৰে পুৱাই গুৱাহাটীলৈ অনা হ’ল স্বয়ম্ভু আচাৰ্য পংকজ পাঠকক।
ইয়াৰ পিছতে হাতীগাঁও থানাত জেৰা কৰা হৈছিল পংকজ পাঠকক।