অসম

জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত আহিব পাৰে ক’ভিড SOP- কেশৱ মহন্ত

জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত আহিব পাৰে ক’ভিড SOP।

কৰণাৰ নতুন ভেৰিয়েণ্ট BF7 ক দেশজুৰি সাধাৰণ জনতা শংকিত হোৱাৰ সময়তে এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত আহিব পাৰে ক’ভিড SOP। কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহন কৰিব পাৰে অসম চৰকাৰে।

জানুৱাৰীৰ প্ৰথম সপ্তাহত নতুন SOPৰ বিষয়ে সিদ্ধান্ত ল’ব মুখ্যমন্ত্ৰীয়ে। এইপৰ্যন্ত চিন্তাৰ কোনো প্ৰয়োজন নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে মাস্ক পৰিধানৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মাস্ক পৰিধান কৰাটো জনতাৰ বাবে ভাল। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰি থাকক।

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্য সতৰ্কতাবাণী জাৰি কৰিছে। ৰাজহুৱা স্থানত পুনৰ মাস্ক পৰিধানৰ বাবে আহ্বান কেন্দ্ৰীয় চৰকাৰৰে।

Related Articles

Back to top button