নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে ভগৱান আৰু ধৰ্মৰ এক পৃথক সংজ্ঞা আগবঢ়াই চৰ্চিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত।
মুম্বাইৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত মোহন ভাগৱতে ব্যাখ্যা কৰিলে ধৰ্ম আৰু ভগৱানৰ উদ্দেশ্যৰ কথা। ভাষণত তেওঁৰ সোমালোচনাৰ লক্ষ্য হৈ পৰিল একাংশ তথাকথিত শাস্ত্ৰ বিশেষজ্ঞ।
মুম্বাইৰ ৰবীন্দ্ৰ নাট্য মন্দিৰত আয়োজিত সন্ত শিৰোমণি ৰোহিদাসৰ ৬৪৭ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে আৰএছএছৰ প্ৰধান মোহন ভাগৱত।
সেই অনুষ্ঠানত তেওঁ একাংশ শাস্ত্ৰজ্ঞক কটাক্ষ কৰি স্পষ্টভাৱে কয়, “বহু পণ্ডিতে শাস্ত্ৰৰ নামত যি কয় সেয়া আচলতে মিছা।” ভগৱানৰ সন্মুখত সকলো মানুহ। তেওঁ জাতি আৰু ধৰ্মৰ মাজত পাৰ্থক্য কৰা নাছিল, সেই পাৰ্থক্যৰ সৃষ্টি কৰিছিল পুৰোহিতসকলেহে।’’
‘হিন্দুত্ব’ৰ বাবে সদায় প্ৰশ্ন কৰা ভাগৱতৰ এই বক্তব্যক ব্যতিক্ৰমী বুলি গণ্য কৰিছে একাংশই। একাংশৰ মতে এই বক্তব্যবোৰ আচলতে ভাগৱতৰ কৌশল।
আৰ এছ এছৰ মুৰব্বীৰ ভাষণত ঠাই পালে তুলসীদাস, কবীৰৰ দৰে ধৰ্মীয় গুৰুৰ নামেও।
সন্ত শিৰোমণি ৰোহিদাসৰ বিষয়ে ভাগৱতে কয়, “শাস্ত্ৰত ব্ৰাহ্মণসকলৰ দৰে তেওঁ উৎকৃষ্টতাৰ বঞ্চিত, কিন্তু তেওঁৰ সহজ কথা আৰু বক্তৃতাই বহু লোকৰ হৃদয় চুই গৈছিল।”
তেওঁ পুনৰ কয়, ”সকলোৱে ভগৱানক বিশ্বাস কৰে। সেইটোৱেই ডাঙৰ কথা। নিজৰ কাম নিজে কৰিব লাগিব। নিজৰ ধৰ্মক বিশ্বাস কৰি আগবাঢ়ি যাব লাগিব। কিন্তু মনত ৰাখিব সকলো পথৰেই লক্ষ্য একে।”
তেওঁ স্পষ্টকৈ কয়, “সকলো মানুহ ক্ষমতা আৰু সন্মানত সমান। কাৰো লগত কোনো পাৰ্থক্য নাই। বহু পণ্ডিতে শাস্ত্ৰৰ নামত যি কৈছে সেয়া আচলতে মিছা। জাতি-ধৰ্ম-বৰ্ণই মানুহৰ মাজত বিভাজন কৰে।’’
তেওঁ আকৌ কয়, ”জাতি ব্যৱস্থাই আমাক বিপথে পৰিচালিত কৰে। আৰু যিয়েই এনে ভ্ৰমৰ সৃষ্টি কৰে, তাক আঁতৰাই ৰখাই ভাল।”