গুৱাহাটীৰ পৰা জাগীৰোডলৈ ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ।
শুক্ৰবাৰে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে আছু, এজেৱাইচিপি, বীৰ লাচিত সেনা, সদৌ তিৱা মহিলা সন্থাকে আদি কৰি মুঠ ১৩ টাকৈ জাতীয় সংগঠনে।
দল সংগঠনৰ এই প্ৰতিবাদৰ ফলত ভয়াৱহ যান-জঁটৰ সৃষ্টি হয় গুৱাহাটী-জাগীৰোড পথত।
উল্লেখ্য যে, জাগীৰোডলৈ ৰাজধানী সম্প্ৰসাৰণ কৰিলে জনজাতি থলুৱা লোকৰ মাটিবাৰীৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিয়াৰ লগতে ভূমিৰ অধিকাৰ নাইকিয়া হ’ব আৰু তিৱা জনগোষ্ঠীৰ যি সমস্যা সেয়া সমস্যা হৈয়ে থাকিব বুলি শংকিত হৈ পৰিছে মধ্য অসমৰ জনজাতীয় লোক সকলে।

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে সকলো জতীয় সংগঠনৰ সহযোগত গনতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে আন আন সংগঠন সমূহে।
অৱশ্যে পৰৱৰ্তী সময়ত মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাসৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ পিছতে প্ৰতিবাদৰ সামৰণি পৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈয়ে ৰাজ্যৰ ৰাজধানী সম্প্ৰসাৰণ বিষয়টো ঘোষণা কৰাৰ পিছতে তীব্ৰ বিৰোধিতা কৰি আহিছে মধ্য অসমৰ তিৱা জনগোষ্ঠীয় লোক তথা দল সংগঠন সমূহে।
প্ৰয়োজনত গণতান্ত্ৰিক আন্দোলন গঢ়ি হলেও ইয়াৰ বিৰোধিতা কৰি যাব বুলি চৰকাৰক বাৰে বাৰে সকিয়াই দিছে সদৌ তিৱা ছাত্ৰ সন্থাই।