জাকৰ পৰা বিচ্ছিন্ন হৈ নলাৰ মাজত আবদ্ধ হৈ পৰা বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ…

জাকৰ পৰা বিচ্ছিন্ন হৈ নলাৰ মাজত আবদ্ধ হৈ পৰা বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ।

শোণিতপুৰ জিলাৰ ৰঙাপৰাত উদ্ধাৰ হয় এটা বনৰীয়া হাতীৰ পোৱালি।

ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ধেন্দাই চাহ বাগিচাৰ ২৭ নং চেকচনৰ নলাৰ মাজত আবদ্ধ হাতীৰ পোৱালিটো একাংশ শ্রমিকে সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে।

স্থানীয় ৰাইজে জনোৱা অনুসৰি, প্ৰায় ৫০টা বনৰীয়া হাতীৰ এটা জাকে চাহ বাগিচাখনত বিচৰণ কৰি আছিল। তেনে সময়তে প্রায় তিনিমহীয়া মাইকী হাতীৰ পোৱালিটো নলাৰ মাজত আবদ্ধ হৈ পৰাত মাকজনীয়ে উঠাব নোৱাৰি অৱশেষত জাকটোৰ সৈতে গুচি যায়।

ইফালে, এই খবৰ পোৱাৰ পাছতে আমবাৰীৰ বনাঞ্চলিক কার্যালয়ৰ বনকৰ্মী আৰু ৰঙাপৰা আৰক্ষী থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ হাতীৰ পোৱালিটোক গাড়ীত উঠাই নিয়ে আৰু পুনৰ মাকৰ সৈতে মিলন কৰাই দিয়াৰ উদ্দেশ্যেৰে তাৰাজুলি চাহ বাগিচাত এৰি দিয়ে।