NATIONAL

জলপ্ৰপাতত ছেল্ফি উঠিবলৈ গৈ ২ বন্ধুৰ সলিল সমাধি, এজনক জীৱন্তে উদ্ধাৰ

নিউজ ডেস্ক। জলপ্ৰপাতত গা ধুওঁতে ছেল্ফি উঠিবলৈ গৈ মৃত্যু হ’ল দুজন যুৱকৰ।

এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ কোডাৰমাত।

জানিব পৰা মতে, তিনিজন বন্ধুৱে বনভোজ খাবলৈ গৈ কােডৰমাৰ প্ৰসিদ্ধ বৃন্দাহা জলপ্ৰপাতলৈ গৈছিল।

গা ধুই থকা সময়তে তিনিওজনে ছেল্ফি লৈ থাকোতেই ভৰি পিছলি পানীত ডুবিল এজন বন্ধু। আৰু বন্ধুক বচাবলৈ গৈ মৃত্যু হ’ল দুজনৰ।

ঘটনাৰ পিছতেই স্থানীয় আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত। আৰু ডুবাৰুৰ সহায়ত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ছানী কুমাৰ নামৰ এজন যুৱকক উদ্ধাৰ কৰা হয়। ছানী কুমাৰ বিহাৰৰ পাটনাত।

তেওঁৰ দুই বন্ধু কাৰ্তিক কুমাৰ আৰু সিদ্ধাৰ্থ কুমাৰৰ সৈতে বনভোজ খাবৰ বাবে জলপ্ৰপাতটোলৈ আহিছিল।

গা ধোৱাৰ সময়ত ফটো তুলি থাকোতে এজন বন্ধুৰ ভৰি পিছলি গৈছিল আৰু তেওঁ ডুবিবলৈ আৰম্ভ কৰিছিল।

তেওঁক ডুব যোৱা দেখি দুজন বন্ধুৱে তেওঁক বচাবলৈ চেষ্টা কৰে। আৰু তেতিয়াই আন এজন বন্ধুও ডুব যায়।

আৰক্ষীয়ে লগতে কয় যে জলপ্ৰপাতত ডুব যোৱা যুৱকসকলৰ মৃতদেহ উদ্ধাৰৰ বাবে ২৫ জনীয়া ডুবাৰুৰ এটা দলক মাতি অনা হয়। আৰু ডুবাৰুসকলে যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button